অসম

অসম-নাগালেণ্ড সীমান্তত বান্দৰ চলিয়াত ৰাষ্ট্ৰীয় নাট মহোৎসৱ

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজান: তিতাবৰ অসম-নাগালেণ্ড সীমান্তত সংঘাত নহয় , এইবাৰ শান্তি আৰু সমন্বয়ৰ বাৰ্তা । অসমীয়া আৰু নগা মাজত সাতামপুৰুষীয়া শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ উদ্দেশ্য তিনিদিনীয়াকৈ অসম নাগালেণ্ডৰ সীমান্তৰ তিতাবৰ বান্দৰচলিয়া তাঁতী গাঁওৰ প্ৰাকৃতিক বিনন্দীয়া পৰিবেশত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ।

উল্লেখযোগ্য যে তিতাবৰ নাটক ভাল পোৱা কেইজন মান লোকে নাগালেণ্ড সীমান্তৰ পাদপ্ৰদেশত আয়োজন কৰিছে এই ৰাষ্ট্ৰীয় নাট মহোৎসৱ । অহা ২২ ২৩ আৰু ২৪ জানুৱাৰীত অনুষ্ঠিত হ'ব ফুটহিলছ ৰাষ্ট্ৰীয় নাট মহোৎসৱ । এই মহোৎসৱত দেশৰ বহুকেইটা নাট্য দলৰ লগতে নাগালেণ্ড চাৰিটা আৰু অসমৰ চাৰিটা নাট্য দলে নাট প্ৰদৰ্শন কৰিব । নাটকৰ লগতে অসম আৰু নাগালেণ্ডৰ বহু কেইটা সাংস্কৃতিক দলে বিভিন্ন জাতি - জনগোষ্ঠীয় কলা সংস্কৃতি প্ৰদৰ্শন কৰিব ।

২২ জানুৱাৰী তাৰিখে বৰ্ণাঢ্য কাৰ্যসুচীৰে শুভাৰম্ভ হ'ব লগীয়া এই নাট মহোৎৱসত অসম আৰু নাগালেণ্ডৰ বহুকেইগৰাকী জনপ্ৰিয় নাট্যকাৰ অভিনেতাৰ লগতে বহুকেইগৰাকী অসম আৰু নাগালেণ্ডৰ মন্ত্ৰী বিধায়ক উপস্থিত থাকিব ।

পাদদেশীয় নাট মহোৎসৱ বাবে বান্দৰচলিয়া তাঁতী গাঁওবাসী দলে বলে ওলাই আহিছে । ইতিমধ্যে নগা পাহাৰ পৰা বাঁহ -কাঠ আৰু ভৈয়ামৰ পৰা ধানৰ নৰা আনি পাহাৰীয়া মুকলি পৰিবেশত আটকধুনীয়াকৈ নিৰ্মাণ কৰিছে মুকলি মঞ্চ আৰু দৰ্শকৰ বাবে আসন। এক মনোৰম প্ৰাকৃতিক পৰিবেশত ব্যতিক্ৰম ৰূপত নাট উপভোগ কৰিব পাৰিব নাট্য প্ৰেমিসকলে ।

আৰু পঢ়ক: ৩৮ জন কংগ্ৰেছ কৰ্মকৰ্তাক দলৰ পৰা নিলম্বন, অভিযোগ গুৰুতৰ...