- পৌৰসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ সংবাদ মেল।
- মহানগৰীৰ বিশুদ্ধ খোৱা পানীৰ সমস্যাৰ সম্পৰ্কত সংবাদমেল সাংসদ ভূঞাৰ।
- সংবাদ মেলত অজিত ভূঞাই উত্থাপন কৰিছে কেতবোৰ গুৰুতৰ অভিযোগ।
- বিশুদ্ধ খোৱাপানীৰ নামত ৰাজ্য চৰকাৰে কেলেংকাৰী কৰিছে।
- মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ন মন্ত্রী হৈ থকাৰ পৰাই হৈ আছে এই কেলেংকাৰী।
- তিনিটা বৃহৎ পানী আঁচনি আজিও সম্পূৰ্ণ হৈ উঠা নাই।
- ২০২১ চনৰ ১৩ডিচেম্বৰত সদনত পানী যোগান আঁচনি বিষয়ে প্রশ্ন উত্থাপন কৰিছিলো।
- কেইবাটাও হাস্যকৰ উত্তৰ দিছিল চৰকাৰে, এয়া চৰকাৰৰ সম্পূৰ্ণ ব্যৰ্থতা।
- ৩৪৯.৭০কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা আঁচনি ২০১৭চনতে সম্পূৰ্ণ হোৱাৰ কথা আছিল।
- কিন্তু আজিও সম্পূৰ্ণ হৈ নুঠিল সেই আঁচনি।
- জুলাইত পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ কৰিম বুলি মুখ্যমন্ত্রীৰ আশ্বাস সম্পূৰ্ণ মিথ্যাচাৰ।
- পৌৰ নিগম দখল কৰিলে অপৰাধ মুক্ত গুৱাহাটীৰ সপোন দেখুৱাইছে বিজেপি।
- সংবাদ মেলত এইদৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰিলে অজিত ভূঞাই।