অসম

বকোৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত উত্তেজনা

Asomiya Pratidin

ডিজিটেল সংবাদ,ছমৰীয়াঃ অসম-মেঘালয়ৰ সীমা বিবাদক লৈ ইতিমধ্যে কেন্দ্ৰই কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে কেইবাটাও বিবাদিত এলেকাৰ মীমাংশা হৈছে যদিও এতিয়াও কেইবাটা অঞ্চলক লৈ চলি আছে বিবাদ।

তাৰ মাজতে বৃহস্পতিবাৰে বকোত পুনৰ অসম-মেঘালয় সীমান্তক লৈ বিবাদৰ সৃষ্টি হয়।অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ ভালুকমাৰীত এই উত্তেজনাৰ সৃষ্টি হয়।অসমৰ সমৰ্থক আৰু মেঘালয়ৰ সমৰ্থকৰ মাজত সৃষ্টি হয় বিবাদৰ।

অসমৰ ভূমি মেঘালয়ৰ সমৰ্থকে অবৈধভাৱে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে। অসমৰ ভূমিত মেঘালয়ৰ ৰাজহুৱা সভাৰ আয়োজন কৰাৰ পাছতে বাধা প্ৰদান কৰা অসমৰ গাঁওবুঢ়া,সভাপতিক অপদস্থ কৰে মেঘালয়ৰ সমৰ্থকে। ইয়াৰ লগে লগে সৃষ্টি হয় বিবাদৰ।

তাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ নাথ সহ আৰক্ষীৰ এটা বৃহৎ দল।ঘটনাস্থলীত উপস্থিত বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈ।সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চল ।

আৰু পঢ়ক: বেকাজান গাঁও পঞ্চায়তক গোলাঘাটত চামিলকৰণ, প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল জনতা