অসম

অসম-মেঘালয়ৰ ৬ টা বিবাদিত এলেকাৰ সমস্যা সমাধানত প্ৰত্যাহ্বান আহি পৰিব: হিমন্ত বিশ্ব

asomiyapratidin

ডিজিটেল ডেস্ক: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে মেঘালয়ৰ সৈতে ৰাজ্যিক সীমা বিবাদ সমাধানৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে।

দেওবাৰে অসম-মেঘালয়ৰ সীমা-সমস্যা সন্দৰ্ভত জনতা ভৱনত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। লগতে উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, পিযুষ হাজৰিকাৰ লগতে অন্য় একাংশ।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ হস্তক্ষেপত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৬ টা বিবাদিত এলেকাৰ সমস্যা সমাধানৰ বাবে সন্মত হৈছে। অৱশ্যে ইয়াৰ পূৰ্বে আন ৬ টা এলেকাৰ সমস্যা সমাধান কৰা হৈছিল।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, এই বিবাদিত এলেকা সমূহ মেঘালয়ৰ ৩ খন জিলাত অৱস্থিত। ইয়াৰ বাবে এখন আঞ্চলিক সমিতি গঠন কৰা হ'ব বুলি কয় শৰ্মাই।

তেওঁ কয় যে, "অহা ১৫ দিনৰ ভিতৰত এখন আঞ্চলিক সমিতি গঠন কৰা হ'ব। এই সমিতিখনে বিতৰ্কিত অঞ্চলসমূহ পৰিদৰ্শন কৰিব, স্থানীয় লোকসকলৰ সৈতে কথা পাতিব আৰু উপযুক্ত সমাধান বিচাৰি উলিওৱাত সহায় কৰিব,"।

তেওঁ লগতে কয়, "আমি অসমৰ কাৰ্বি আংলং জিলা সন্দৰ্ভত কিছু সমস্যাৰ সন্মুখীন হৈছো। সেয়েহে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিও সমিতিখনত থাকিব।" লগতে দ্বিতীয় পৰ্যায়টো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বান আছে।

আনহাতে এই ক্ষেত্ৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে, এই বিবাদিত এলেকা সমূহৰ সমস্যা সমাধানৰ বাবে চেষ্টা অব্যাহত আছে। আৰু এই প্ৰক্ৰিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত আগবাঢ়ি আছে।