অসম

৪ মে’ত বিটিআৰত স্থানীয় বন্ধ ঘোষণা….

asomiyapratidin

ডিজিটেল ডেস্কঃ আগন্তুক ৪ মে' বিটিআৰৰ এলেকাত স্থানীয় বন্ধ ঘোষণা কৰিছে বিটিআৰ প্ৰশাসনে। বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে ৪ মে'ত অধিৱেশনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

বিটিআৰলৈ ৰাষ্ট্ৰপতিৰ আগমনৰ বাবেই বিটিআৰ প্ৰশাসনে উক্ত দিনটোত বিটিআৰ এলেকাৰ সকলো চৰকাৰী কাৰ্যলয়ৰ লগতে শৈক্ষিক প্ৰতিষ্ঠানো বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। অৱশ্যে সকলো ধৰণৰ জৰুৰীকালীন সেৱা পূৰ্বৰ দৰেই উপলব্ধ থাকিব।

উল্লেখ্যে যে, তামুলপুৰৰ কচুবাৰীৰ গৌজন পথাৰত ২,৩ আৰু ৪ মে'ত বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন। ইয়াৰে ৪ মে'ত অনুষ্ঠিত হ'ব অধিৱেশনৰ মূল সভা। এই সভাত ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও অংশগ্ৰহণ কৰিব।