অসম

ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!

asomiyapratidin

ডিজিটেল ডেস্কঃ আহি আছে আনল'ক-২।ৰাজ্যত কোৰোনাৰ সংক্ৰমণৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। কোৰোনাৰ পৰিস্থিতি উন্নত হোৱাৰ পাছত ৰাজ্য চৰকাৰে ১৬ জুন, ২০২১ৰ পৰা আনল'ক প্ৰক্ৰিয়া আৰম্ভ কৰিব। সেই অনুসৰি ৰাজ্যৰ ৫ জিলাত শিথিল কৰা হ'ব সান্ধ্য আইন। স্বাস্থ্য বিভাগৰ এক সূত্ৰ অনুসৰি জানিব পৰা মতে, ১৪ জুনত আনল'কৰ এই নতুন নীতি-নিৰ্দেশনা জাৰি কৰিব।

কামৰূপ মেট্ৰ', মাজুলী, চিৰাং, দক্ষিণ শালমাৰা, পশ্চিম কাৰ্বি আংলং এই ৫ জিলাত সান্ধ্য আইন শিথিল কৰাৰ সম্ভাৱনা আছে। পূৰ্বতে ৰাজ্যজুৰি ১২ বজালৈকে দোকান-পোহাৰ খোলাৰ অনুমতি দিয়া হৈছিল যদিও নতুন এছ অ' পি মতে এই ৫ জিলাত আবেলি ৩ বজালৈকে দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

এই জিলা কেইখনত ৪ বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হ'ব। অৱশ্যে কোভিড সংক্ৰমণ বৃদ্ধি পোৱা বা বৃদ্ধিৰ আশংকা থকা ১২খন জিলাত দিনৰ ১২ বজা লৈকে দোকান-পোহাৰ খোলা আৰু ১ বজাৰ পৰা কাৰ্ফিউ দিয়া সম্ভাৱনা আছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ। সেই বিষয়ে সবিশেষ সোমবাৰে নতুন এছ অ' পি জৰিয়তে ৰাজ্য চৰকাৰে সদৰি কৰিব।

ইফালে, ৰাজ্যৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। যিসকল ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে দুয়োটা ড'জৰ কোভিড ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকে ১৪ জুন, ২০২১ৰ পৰা নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব। অৱশ্যে আন কোভিড প্ৰট'ক'ল সমূহ মানি চলিব লাগিব এই কৰ্মচাৰীসকলে।

কোভিডৰ পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰে প্ৰতি সপ্তাহতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি নতুন এছ অ' পি জাৰি কৰাৰ সম্ভাৱনা আছে। ১৫ জুনত পূৰ্বতে ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ' পিৰ সময়সীমা অন্ত পৰিব। তাৰ পাছতেই ৰাজ্যত আনল'ক প্ৰক্ৰিয়া আৰম্ভ হ'ব। ৰাজ্যৰ স্বাস্থ্য বিভাগে আশা কৰিছে- ১৫ জুনৰ পাছত কোভিড পৰিস্থিতি যথেষ্ট উন্নত হ'ব।

এইখিনিতে উল্লেখ যোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো নিৰ্দিষ্ট সিদ্ধান্ত ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে গ্ৰহণ কৰা নাই। দুৰ্যোগ প্ৰশমন বিভাগক দুয়োটা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল যদিও শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াই তেনে সম্ভাৱনা নুই কৰাত পৰীক্ষা কিদৰে অনুষ্ঠিত হ'ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত কয় যে- পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে এজন বিশেষজ্ঞ কমিটী গঠন কৰি দিছে। সেই কমিটীয়ে ইতিমধ্যে প্ৰতিবেদনো সম্পূৰ্ণ কৰিছে। এই প্ৰতিবেদনৰ আধাৰতে ৰাজ্যত এই দুয়োটা পৰীক্ষা অনুষ্ঠিত হ'ব।