অসম

নিক্ষয় মিত্ৰৰ অধীনত ১০ জন যক্ষ্মা ৰোগীৰ দায়িত্ব গ্ৰহণ অসমৰ ৰাজ্যপালৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই প্ৰধানমন্ত্ৰী যক্ষ্মা মুক্তি ভাৰত অভিযানৰ অধীনত যক্ষ্মা ৰোগীসকলৰ বাবে এক বিশেষ পদক্ষেপ হাতত লৈছে। নিক্ষয় মিত্ৰ অভিযানৰ অংশ হিচাপে ২০ মে'ত ৰাজ ভৱনত ৰাজ্যখনৰ ১০ জন যক্ষ্মা ৰোগীক দায়িত্ব গ্ৰহণ কৰে।

যক্ষ্মা ৰোগীসকলৰ হৈ এনএইচএম অসমৰ মিছন সঞ্চালক ড০ এম এছ লক্ষ্মী প্ৰিয়া, এনএইচএম অসমৰ জোনেল প্ৰশাসনিক বিষয়া জয়ন্ত দত্ত, ড০ অভিজিৎ বসু যুটীয়া সঞ্চালক (টিবি), ড০ পলাশ তালুকদাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শদাতাই অসমৰ ৰাজ্যপালৰ পৰা পুষ্টিকৰ খাদ্যৰ টোপোলা লাভ কৰে।

সমগ্ৰ দেশৰ ৯.৬৯ লাখ যক্ষ্মা ৰোগীৰ ভিতৰত ৯.৫৫ লাখ ৰোগীক নিক্ষয় মিত্ৰই (৯ মাৰ্চ ২০২৩ লৈ) এডপ্ট কৰিছে।