বনভোজস্থলীলৈ যোৱাৰ পূৰ্বে চাওঁক এই খবৰঃ অন্যথা বিপদত পৰিব পাৰে আপুনি...
বনভোজস্থলীলৈ যোৱাৰ পূৰ্বে চাওঁক এই খবৰঃ অন্যথা বিপদত পৰিব পাৰে আপুনি...  
অসম

বনভোজস্থলীলৈ যোৱাৰ পূৰ্বে চাওঁক এই খবৰঃ অন্যথা বিপদত পৰিব পাৰে আপুনি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এতিয়া বনভোজৰ বতৰ। অতীতক বিদায় দি নতুনক আদৰৰ সময় এয়া। ডিচেম্বৰ মাহৰ আগমণৰ লগে লগে ৰাজ্যৰ বনভোজস্থলীসমূহত ভিৰ কৰিবলৈ আৰম্ভ কৰিছে বনভোজকাৰীসকলে।

ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ বনভোজৰ এই সময়ছোৱাৰ লগতে মাঘ বিহু উপলক্ষত জনসাধাৰণে কেতবোৰ নীতি নিয়ম মানি চলিব লাগিব। ইতিমধ্যে ৰাজ্য চৰকাৰে এই বিষয়ত প্ৰচাৰ আৰম্ভ কৰিছে।

অসম চৰকাৰৰ 'মাই গভ আছাম' পেজৰ জৰিয়তে জনসাধাৰণে বনভোজৰ সময়ত কি কৰিব বা নকৰিব সেই বিষয়ে উল্লেখ কৰিছে। সেই অনুসৰি বনভোজৰ সময়ত কোনো লোকে আৱৰ্জনা, এৰেহা আদি নৈ, জান, জুৰি, বিলৰ বুকুলৈ দলিয়াব নোৱাৰিব।

প্লাষ্টিকৰ গিলাচ, সুৰাৰ বটল আদি নৈৰ বুকুলৈ দলিয়াব নোৱাৰিব। সকলোৱে প্ৰকৃতিৰ সুৰক্ষাৰ ওপৰত নজৰ ৰাখিব লাগিব। ইয়াৰোপৰি বনভোজৰ সময়ত বনভোজস্থলীত অত্যাধিক শব্দ প্ৰদূষণ পৰিহিৰ কৰিব লাগিব।

ইয়াৰোপৰি সকলোৱে এই সময়ছোৱাত কঠোৰভাৱে মানি চলিব লাগিব যানবহন আইন। বাইক চালক, আৰোহীয়ে পৰিধান কৰিব লাগিব হেলমেট। আন আন বাহনত চালকৰ উপৰিও যাত্ৰীসকলেও পৰিধান কৰিব লাগিব ছীট বেল্ট। সুৰা সেৱন কৰি বাহন চলালেই বিপদ নিশ্চিত। ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমণা। ভূগিত লাগিব কঠোৰ শাস্তি। আনহাতে অন্যান্য নিয়মবোৰৰ উলংঘন কৰিলেই ভৰিব লাগিব জৰিমণা। ইয়াৰোপৰি শাস্তিও ভূগিব লাগিব নিয়ম উলংঘনকাৰীয়ে।