ভাল খবৰঃ অসম গেছ কোম্পানীত ওলাইছে চাকৰি...
ভাল খবৰঃ অসম গেছ কোম্পানীত ওলাইছে চাকৰি... 
অসম

ভাল খবৰঃ অসম গেছ কোম্পানীত ওলাইছে চাকৰি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ নিবনুৱাসকললৈ ভাল খবৰ। অসম গেছ কোম্পানী লিমিটেডত ওলাইছে চাকৰি। REC/AGCL/HR&A/2023/I/74 নম্বৰৰ প্ৰকাশিত বিজ্ঞাপন অনুসৰি কোম্পানীটোৱে বিভিন্ন স্থায়ী পদৰ বাবে আৱেদন আহ্বান কৰিছে।

আৱেদনৰ বাবে মুকলি কৰা পদসমূহঃ

  • জেনেৰেল মেনেজাৰ আৰু ডেপুটি জেনেৰেল মেনেজাৰ (ফাইনেন্স একাউণ্টছ)ৰ বাবে এটা পদ,

  • চীফ মেনেজাৰ (ছেলছ এণ্ড মাৰ্কেটিং)ৰ বাবে এটা পদ,

  • ডেপুটি জেনেৰেল মেনেজাৰ/ চীফ মেনেজাৰ (ইনষ্ট্ৰুমেনটেশ্যন এণ্ড অপাৰেশ্ব্যন)ৰ বাবে এটা পদ

  • ছিনিয়ৰ মেনেজাৰ (প্ৰজেক্ট এণ্ড অপাৰেশ্ব্যন)ৰ বাবে এটা পদ

  • এছিচটেন্ট মেনেজাৰ (মেডিকেল)

  • এছিচটেন্ট মেনেজাৰ পাবলিক ৰিলেশ্ব্যন

  • চি এছ আৰ অফিচাৰৰ বাবে এটা পদ,

  • ছিকিউৰিটি অফিচাৰৰ বাবে এটা পদ

  • অপাৰেটৰৰ বাবে ৩ টা পদ।

পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাঃ প্ৰতিটো পদৰ বাবে পৃথক পৃথক যোগ্যতা নিৰ্ধাৰণ কৰি দিয়া হৈছে। ইয়াৰে জেনেৰেল মেনেজাৰ আৰু ডেপুটি জেনেৰেল মেনেজাৰ (ফাইনেন্স একাউণ্টছ)ৰ পদৰ বাবে প্ৰাৰ্থীগৰাকী The Institute of Chartered Accounts of India ৰ পৰা চাৰ্টাৰ্ড একাউণ্টেণ্ট নতুবা The Institute of Costs Accounts of India ৰ পৰা CMA নতুবা ফাইনেন্সত এম বি এ ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব।

চীফ মেনেজাৰ (ছেলছ এণ্ড মাৰ্কেটিং)ৰ পদৰ বাবে প্ৰাৰ্থীগৰাকী যিকোনো এটা শাখাতে স্নাতক ডিগ্ৰীগ্ৰহণ কৰা হ'ব লাগিব। ইয়াৰোপৰি তেওঁলোক এম বি এ অথবা ছেলছ, মাৰ্কেটিঙত পি জি ডি বি এম ডিগ্ৰীগ্ৰহণ কৰা হ'ব লাগিব।

ডেপুটি জেনেৰেল মেনেজাৰ/ চীফ মেনেজাৰ (ইনষ্ট্ৰুমেনটেশ্ব্যন এণ্ড অপাৰেশ্ব্যন)ৰ পদৰ বাবে প্ৰাৰ্থীগৰাকী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ইনষ্ট্ৰুমেনটেশ্ব্যন ইঞ্জিনীয়াৰিং বিষয়ত বি. ই অথবা বি টেক ডিগ্ৰীগ্ৰহণ কৰা হ'ব লাগিব।

ছিনিয়ৰ মেনেজাৰ (প্ৰজেক্ট এণ্ড অপাৰেশ্ব্যন)ৰ পদৰ বাবে প্ৰাৰ্থীগৰাকী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা বি ই অথবা বি টেক ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব।

এছিচটেণ্ট মেনেজাৰ (মেডিকেল)ৰ বাবে প্ৰাৰ্থীগৰাকী মেডিচিনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব।

এছিচটেণ্ট মেনেজাৰ (পাবলিক ৰিলেশ্ব্যন) পদৰ বাবে প্ৰাৰ্থীগৰাকী গণসংযোগ আৰু সাংবাদিকতাৰ ২ বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব।

চি এছ আৰ পদৰ বাবে প্ৰাৰ্থীগৰাকী এম এছ ডব্লিউ অথবা ছচিয়লজী অথবা চাইকলজীত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব। ছিকিউৰিটি অফিচাৰৰ বাবে প্ৰাৰ্থীগৰাকী স্নাতক ডিগ্ৰীগ্ৰহণ কৰা হ'ব লাগিব।

আনহাতে আপেৰেটৰৰ বাবে প্ৰাৰ্থীগৰাকীয়ে মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ উপৰিও ডিজেল মেকানিক ট্ৰেডত এবছৰীয়া আই টি আই ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব।

প্ৰাৰ্থীসকলৰ বয়সৰ সীমাঃ জেনেৰেল মেনেজাৰ আৰু ডেপুটি জেনেৰেল মেনেজাৰ (ফাইনেন্স একাউণ্ট)ৰ পদৰ বাবে প্ৰাৰ্থীগৰাকীৰ বয়স অতি কমেও ৫৩ বছৰ হোৱাৰ বিপৰীতে উচ্চতম সীমা ৫৮ বছৰৰ ওপৰত হ'ব নোৱাৰিব। চীফ মেনেজাৰ (ছেলছ এণ্ড মাৰ্কেটিং), ডেপুটি জেনেৰেল মেনেজাৰ/ চীফ মেনেজাৰ (ইনষ্ট্ৰুমেনটেশ্ব্যন এণ্ড অপাৰেশ্ব্যন) আৰু ছিনিয়ৰ মেনেজাৰ (প্ৰজেক্ট এণ্ড অপাৰেশ্ব্যন)ৰ প্ৰাৰ্থীসকলৰ বয়সৰ নূন্যতম সীমা ৪৫ বছৰ আৰু উচ্চতম সীমা ৫০ বৰৰ অধিক হ'ব নোৱাৰিব।

এছিচটেণ্ট মেনেজাৰ (মেডিকেল) আৰু এছিচটেণ্ট মেনেজাৰ পাবলিক ৰিলেশ্ব্যনৰ বাবে প্ৰাৰ্থী সৰ্বাধিক ৩৫ বছৰৰ ওপৰত হ'ব নোৱাৰিব। চি এছ আৰ পদৰ বাবে প্ৰাৰ্থীৰ বয়স সৰ্বাধিক ৩০ ৰ অধিক হ'ব নোৱাৰিব। ছিকিউৰিটি অফিচাৰৰ বাবে বয়সৰ সৰ্বাধিক সীমা ৪৭ বছৰৰ অধিক হ'ব নোৱাৰিব আৰু অপাৰেটৰৰ বয়সৰ নূন্যতম সীমা ১৮ বছৰ আৰু সৰ্বাধিক ৩৮ বছৰৰ ওপৰত হ'ব নোৱাৰিব।

এই সন্দৰ্ভত সবিশেষ জানিবলৈ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা বিজ্ঞাপন চাব পাৰিব।

ASSAM-GAS-COMPANY-LIMITED-(AGCL)-Job-5_231004_213859.pdf
Preview