অসম

মুছলপুৰত অসম বাতৰি কাকত বিতৰক সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা…

asomiyapratidin

ডিজিটেল সংবাদ বাক্সাঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হ'ল বাতৰি কাকত। বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমৰ হকাৰ সকলৰ ভৱিষ্যতৰ জীৱনৰ নিৰাপত্তাৰ বাবে যোৱা ২০২১ চনৰ ১৮ ছেপ্টেম্বৰত অৱসৰ প্ৰাপ্ত অধ্যক্ষ নীলকান্ত চহৰীয়াৰ সভাপতিত্বত অসমৰ বহু জিলাৰ হকাৰ সকলে একত্ৰিত হৈ ছিপাঝাৰত গঠিত হোৱা "সদৌ অসম বাতৰি কাকত বিতৰক (হকাৰ) সন্থাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখন ২০২১ চনৰ ১৪ অক্টোবৰত তেজপুৰত অনুষ্ঠিত হৈ যায়।

উক্ত সভাতে প্ৰস্তাব লোৱা অনুসৰি অহা ১৬ এপ্ৰিলত বাক্সা জিলাৰ মুছলপুৰত অসম বাতৰি কাকত বিতৰক সন্থাৰ এখন বিশেষ সভা অনুষ্ঠিত হ'ব বুলি বাক্সা জিলা বাতৰি কাকত বিতৰক সন্থাৰ সভাপতি গিৰীশ কলিতা আৰু সম্পাদক হেমন্ত কুমাৰ শৰণীয়াই জানিবলৈ দিছে।

উক্ত সভাখনত ৰাজ্যখনৰ সকলো বাতৰি কাকত বিতৰক (হকাৰ) সকলক অংশগ্ৰহণ কৰি সভাখন সাফল্য মণ্ডিত কৰি তোলাৰ বাবে সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আহ্বান জনাইছে ।