বিহুৰ পূৰ্বে আলফাত যোগদান কৰিলে ১৩ জনে…

বিহুৰ পূৰ্বে আলফাত যোগদান কৰিলে ১৩ জনে…

ডিজিটেল ডেস্কঃ হেঁপাহৰ ৰঙালীৰ আনন্দৰ মাজতে অহা এক খবৰে ৰাজ্যত তীব্ৰ চাঞ্চল্য় সৃষ্টি কৰিছে। উজনি আৰু নামনিৰ মুঠ ১৩ গৰাকী যুৱকে বিহুৰ প্ৰাকক্ষণত আলফাৰ শিবিৰত গৈ উপস্থিত হৈছে। বিহুৰ আনন্দৰ মাজতে এইদৰে স্বাধীন অসমৰ সপোনলৈ পুনৰ ১৩ জনকৈ যুৱকে আলফাত যোগদান কৰাৰ খবৰে ৰাজ্যবাসীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে বিগত দিন কেইটাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু অসমীয়া যুৱক-যুৱতী আলফালৈ গমন কৰিছে। যুদ্ধবৰিতি তথা আলফাৰ আলোচনাপন্থীসকলৰ আলোচনা আৰু আলফা (স্বাধীন) ৰ নেতৃত্ব বিশেষকৈ পৰেশ বৰুৱাইও আলোচনাৰ বাবে আগ্ৰহণ প্ৰকাশ কৰাৰ মাজতে এইদৰে জাকে-জাকে অসমীয়া যুৱক-যুৱতী আলফালৈ গমন কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

শেহতীয়াকৈ আলফাত যোগদান কৰা ১৩ গৰাকী যুৱক-যুৱতীৰ ভিতৰত গুৱাহাটীৰো যুৱক আছে বুলি প্ৰকাশ পাইছে। গুৱাহাটীৰ বেলতলাৰ হিতেশ ডেকা নামৰ যুৱকজনে ম্যানমাৰলৈ গৈ আলফা স্বাধীনত যোগ দিয়াৰ সন্দেহ কৰা হৈছে৷

বিগত কেইবা দিন ধৰি নিৰুদ্দেশ হৈ আছিল হিতেশ ৷ পৰেশ বৰুৱাই সংবাদ মাধ্যমক জনোৱা অনুসৰি মঙ্গলবাৰে ১০ জন যুৱকে আলফাৰ ম্যানমাৰস্থিত শিবিৰত গৈ উপস্থিত হৈছে। আলফাত যোগদান কৰা এই যুৱকসকলৰ মাজত দুগৰাকী গুৱাহাটীৰ মাজ-মজিয়াৰ আৰু ৩গৰাকী যুৱক গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী এলেকাৰ বুলি জানিব পৰা গৈছে৷

আনহাতে বকোৰ চমৰিয়াৰ অংকুৰ কলিতাই আলফাত যোগদান কৰাটো নিশ্চিত হৈছে। আলফাত যোগদান কৰা যুৱকসকলৰ ভিতৰত আছে উজনিৰ তিনিচুকীয়াৰ ঋতুৰাজ গোহাঁই, পানীতোলাৰ শুভান্তা দুৱৰা, বকোৰ অংকুৰ কলিতা, মিৰ্জাৰ দেৱাশিস দাস, আজাৰাৰ মৃণ্ময় কলিতা, বেলতলাৰ হিতেশ ডেকা, গোলাঘাটৰ বীৰেণ বৰা আৰু উমেশ বৰা, চাংসাৰিৰ ৰঞ্জিত দাস, পানীখাইতিৰ মৃদুল নাথ, বাইহাটাৰ সঞ্জীৱ শৰ্মা, শিৱসাগৰৰ ছহিদুল আহমেদ হাজৰিকা আৰু আনোৱাৰ আলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in