আৰক্ষীয়ে কেমেৰাৰ সন্মুখত নাটক কৰিব নালাগেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
আৰক্ষীয়ে কেমেৰাৰ সন্মুখত নাটক কৰিব নালাগেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা 
অসম

আৰক্ষীয়ে কেমেৰাৰ সন্মুখত নাটক কৰিব নালাগেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা। চিলনী চোৰ,বাইক চোৰৰ ওপৰিও ড্ৰাগছৰ সৈতে জড়িত বহু অপৰাধমূলক ঘটনাই নিদ্ৰাহৰণ কৰিছে মহানগৰবাসীৰ। সম্প্ৰতি এই ধৰণৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰা বুলি ক'লেও বঢ়াই কোৱা নহ'ব।

এই ধৰণৰ অপৰাধমূলক ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে একাধিক মন্তব্য। বাইক চুৰিৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় "এই পৰ্যন্ত আৰক্ষীয়ে ১০খন বাইক উদ্ধাৰ কৰিছে। ইয়াৰ প্ৰতিৰোধৰ বাবে পুলিচৰ পেট্র’লিং আৰু ভাল হ’ব লাগিব।"

মহানগৰীৰ কেতবোৰ অপৰাধমূলক ঘটনা ৰোধত ব্যৰ্থ হোৱা একাংশ আৰক্ষীক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কেৱল সংবাদ মাধ্যমৰ সন্মুখত আৰক্ষী বিভাগ কঠোৰ হোৱাৰ অভিনয় কৰিলেই নহ'ব বৰং প্ৰকৃততে নিজা দ্বায়িত্ব সম্পৰ্কে সচেতন হ'ব লাগিব বিভাগটো। ইয়াৰ সৈতেই মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে যে, আৰক্ষীয়ে ডাঙৰ কামৰ লগতে সৰু কামো গুৰুত্ব সহকাৰে ল’ব লাগে।

আনহাতে ড্ৰাগছ সম্পৰ্কীয় অপৰাধসমূহ শেহতীয়াকৈ বৃদ্ধি হোৱাৰ কাৰণ স্বৰূপে ৰাজ্যত চলি থকা ড্ৰাগছ বিৰোধী অভিযান মূল কাৰণ । কিয়নো বৃহৎ সংখ্যক ড্ৰাগছ জব্দ কৰাৰ পিছত স্বাভাৱিকতেই বৃদ্ধি পাইছে ড্ৰাগছৰ মূল্য । তেনেস্থলত যিকোনো মূল্যৰ বিনিময়ত ড্ৰাগছ ক্ৰয় কৰিবলৈ পৰিপক্ক আসক্ত সকলে ধন ঘটাৰ সহজ উপায় হিচাপে অৱলম্বন কৰিছে অপৰাধৰ পথ । অৱশ্যে অতি শীঘ্ৰেই এনে অপৰাধীক নাকী লগাব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

ইফালে প্ৰায়েই সংঘটিত হৈ থকা বাইক দুৰ্ঘটনা সম্পৰ্কে তেওঁ জানিবলৈ দিয়ে যে,নতুন বৰ্ষলৈ দুৰ্ঘটনাৰ সংখ্যা আৰু হ্রাস কৰাৰ চেষ্টা কৰা হ’ব। তাৰ বাবে পুলিচৰ পেট্র’লিং আৰু ভাল হ’ব লাগিব। অৱশ্যে,এই মাহত দুৰ্ঘটনা বহু কম হৈছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে।

উল্লেখ্য যে এইধৰণৰ অপৰাধমূলক ঘটনাৱলীৰ বাবে একাংশ সুৰাপায়ীও দায়ী। তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,সুৰাপায়ীৰ বিৰুদ্ধে ল’বলগীয়া ব্যৱস্থা আৰক্ষীয়ে উপযুক্তভাৱে ল’ব লাগিব, কিন্তু এই ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ গাম্ভীৰ্যতা ৰাখিব লাগিব। ৰাজ্যত এনকাউণ্টাৰ সন্দৰ্ভত ড০ শৰ্মাই কয় ‘ৰাজ্যত এনকাউণ্টাৰ হোৱা নাই বুলি উল্লেখ কৰে।