কেবিনেটৰ সিদ্ধান্তঃ এইবাৰৰ পৰা ভোগালীত হ'ব পৰম্পৰাগত ম'হ যুঁজ...
কেবিনেটৰ সিদ্ধান্তঃ এইবাৰৰ পৰা ভোগালীত হ'ব পৰম্পৰাগত ম'হ যুঁজ... 
অসম

কেবিনেটৰ সিদ্ধান্তঃ এইবাৰৰ পৰা ভোগালীত হ'ব পৰম্পৰাগত ম'হ যুঁজ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দীৰ্ঘ বিৰতিৰ অন্তত ঐতিহ্য, পৰম্পৰা ৰক্ষা কৰি এইবাৰ জাকজমকতাৰে অনুষ্ঠিত হ'ব অসমৰ বিভিন্নস্থানত পূৰ্বে অনুষ্ঠিত হোৱা ম'হযুঁজ। অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সন্দৰ্ভত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

আহোম যুগৰে পৰা অসমত পৰম্পৰাগতভাৱে ভোগালী বিহুৰ সময়ছোৱাত চলি অহা ম'হ যুঁজ ন্যায়ালয়ৰ এক ৰায়ৰ বাবে বন্ধ হৈ পৰিছিল যদিও সেই পৰম্পৰা পুনৰ ৰক্ষাৰ বাবে কেবিনেট বৈঠকে অনুমোদন জনাইছে। অৱশ্যে এই ম'হযুঁজৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিব এছ অ' পি।

২০১৪ চনৰ পৰা বন্ধ হৈ আছে ম'হ যুঁজ

পৰম্পৰা ৰক্ষা কৰিয়েই অসমীয়া ৰাইজে ভোগালী বিহুৰ সময়ছোৱাত ম'হযুঁজ, বুলবুলি চৰাইৰ যুঁজ, কুকুৰা যুঁজ আদি অনুষ্ঠিত কৰি আহিছিল। কিন্তু যোৱা প্ৰায় কেইবাটাও বছৰত আইনী হস্তক্ষেপৰ বাবে এই যুঁজ বন্ধ হৈ আছে।

আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰাই অসমত প্ৰচলিত এই যুঁজবোৰ ন্যায়ালয়ে এক নিৰ্দেশনাৰ জৰিয়তে নিষিদ্ধ কৰিছিল। ২০১৪ চনত ন্যায়ালয়ে এক ৰায়ৰ জৰিয়তে এনেধৰণৰ যুঁজ সমূহক জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা বুলি উল্লেখ কৰে এনে প্ৰতিযোগিতাসমূহ নিষিদ্ধ ঘোষণা কৰে।

এছ অ' পি মানি অনুষ্ঠিত কৰিব লাগিব ম'হযুঁজ

শুকুৰবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ম'হযুঁজ অনুষ্ঠিত কৰিব পাৰিব। পৰম্পৰাগত এই ম’হযুঁজৰ বাবে এছ অ’ পিৰ অনুমোদন জনোৱা হয়। সেই অনুসৰিয়েই এইবাৰ ম'হ যুঁজৰ বাবে এছ অ' পি জাৰি কৰা হ'ব।

ম’হযুঁজ আদিৰ সময়ত জীৱ-জন্তুৰ ওপৰত ইচ্ছাকৃতভাবে যাতে কোনো ধৰণৰ নির্যাতন বা নিষ্ঠুৰতা সম্পন্ন নকৰা আৰু ইয়াৰ মংগলৰ ব্যৱস্থা আয়োজকসকলে নিশ্চিত কৰাটোৱেই এই এছ অ’ পিৰ লক্ষ্য হ’ব।

ন্যায়ালয়ৰ বাধাৰ পাছতো অনুষ্ঠিত হৈ আহিছে ম'হযুঁজ

যদিও ন্যায়ালয়ে ম'হযুঁজ অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰিছিল তথাপিও মধ্য অসমৰ আহতগুৰিকে ধৰি একাধিক অঞ্চলত ম'হযুঁজ অনানুষ্ঠানিকভাৱে অনুষ্ঠিত হৈ আহিছিল। অৱশ্যে ইয়াৰো কাৰণ নোহোৱা নহয়।

ম'হ পালকসকলৰ মতে মাঘত ম'হক নুযুঁজালে খুঁটিত তেজাল ম'হ নিয়ন্ত্ৰণত ৰখাতো অসম্ভৱ হৈ পৰে।আনকি বলপূৰ্বক যুঁজৰ পৰা আঁতৰত ৰখা ম'হ পিতনিত মেলি দিয়া অৱস্থাত নিজে নিজে যুঁজি ক্ষত-বিক্ষত হোৱাৰ উপৰি বহু সময়ত কোনোবাটো ম'হৰ মৃত্যু পৰ্যন্ত ঘটে।

সেয়ে পোহনীয়া ম'হৰ আচৰণ মাঘ মাহৰ এই বিশেষ সময়ত যিদৰে উন্মত্ত হৈ উঠে, সেয়া যুঁজ লগাই বশীভূত কৰিব নোৱাৰিলে বনৰীয়া ম'হৰ দৰেই ই আক্ৰমনাত্মক হৈ উঠি ম'হ পালক বা আন মানুহৰ ওপৰত আক্ৰমণ চলোৱাৰ আশংকা থাকে। এনে পৰিপ্ৰেক্ষিততে ন্যায়ালয়ৰ প্ৰতি সন্মান জনাই আঁহতগুৰিত আনুষ্ঠানিক ম'হৰ যুঁজ পতাৰ পৰা ম'হ যুঁজ পৰিচালনা সমিতি বিৰত থকাৰ স্বাৰ্থত পৰিচালনা সমিতি ভংগ কৰি দিছিল যদিও একাংশ ম'হ পালকে নিজাববীয়াকৈয়ে পৰিচিত নিৰ্দিষ্ট পথাৰখনলৈ তেজাল ম'হ আনি বিগত কেইটামান বছৰত নিজাকৈ যুঁজ লগোৱাৰ এক অনানুষ্ঠানিক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।