অসম

ভূমি পট্টা প্ৰদানৰ পৰা মৰগীয়া বনাছ বৃদ্ধি: কেবিনেটত ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। বৈঠকৰ পাছত সংবাদ মেল সম্বোধন কৰি এই সন্দৰ্ভত জনাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

  • ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বনাছ বৃদ্ধি।

  • কেন্দ্রীয় চৰকাৰৰ সমহাৰত বৃদ্ধি মৰগীয়া বনাছ।

  • জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব বৰ্ধিত বনাছ।

  • ডিচেম্বৰৰ পৰা কৰ্মচাৰীয়ে লাভ কৰিব বৰ্ধিত মৰগীয়া বনাছ।

  • চৰ-চাপৰি অঞ্চলৰ মধ্যাহ্ন ভোজনত সপ্তাহত ৩টাকৈ কণী দিয়া হ’ব।

  • ডিচেম্বৰৰ ১ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত।

  • SCERT-এ চলাব English Language Teaching Institute .

  • ৫ জিলাত ২৫৩৮ লোকক দিয়া হ’ব ভূমিপট্টা।

  • জিলাকেইখন মৰিগাঁও, বঙাইগাঁও, গোৱালপাৰা, ডিব্রুগড়, শোণিতপুৰ।

  • বসুন্ধৰা ২ৰ জৰিয়তে প্রদান কৰা হ’ব ভূমিপট্টা।

  • Assam Cancer Care Foundationৰ দ্বিতীয় পৰ্যায়ৰ বাবে ১৩৫ কোটি টকাৰ অনুমোদন।