- এ পি এছ চি কেলেংকাৰী গোচৰৰ 'চাৰ্জ ফ্রেম' সম্পন্ন।
- মুঠ ৬৭ জনৰ বিৰুদ্ধে 'চাৰ্জ ফ্ৰেম'।
- কেলংকাৰীত অভিযুক্ত দুজনক দোষমুক্ত।
- কেলংকাৰীত অভিযুক্ত অধিবক্তা শৈলেন শইকীয়া, ব্যৱসায়ী সুৰজিৎ চৌধুৰী দোষমুক্ত।
- দুয়ো অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিব নোৱাৰিলে কোনো তথ্য, প্ৰমাণ।
- দোষমুক্ত হোৱা সুৰজিৎ চৌধুৰী কেলংকাৰীত অভিযুক্ত পল্লৱী চৌধুৰীৰ স্বামী।
- আনহাতে দুই অভিযুক্ত সুদীপ দাস আৰু ৰাজীৱ পালক পলাতক ঘোষণা আদালতৰ।
- এই দুয়োজনৰ বিৰুদ্ধে 'চাৰ্জ ফ্ৰেম' কৰা হোৱা নাই।
- ইয়াৰে ৰাজীৱ পাল এ পি এছ চি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ ভাতৃ।
- আনহাতে সুদীপ দাস আছিল ৰাকেশ পালৰ ব্যক্তিগত সহায়ক। তেওঁ চৰকাৰী কৰ্মচাৰী নাছিল।
- এ পি এছ চি কেলংকাৰী গোচৰত মুঠ ৬৭জনক অভিযুক্ত কৰি 'চাৰ্জ ফ্রেম'।
- 'চাৰ্জ ফ্রেম' কৰা ৬৭ জন অভিযুক্তৰ ভিতৰত ৬০ জনেই হৈছে প্রাৰ্থী।
- আনহাতে আন ৭ জন হৈছে এ পি এছ চিৰ সদস্য আৰু কৰ্মচাৰী।
- ৬৭ গৰাকীৰ বিৰুদ্ধে গোচৰৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্ষ কৰা হৈছে ২১, ২২ আৰু ২৩ এপ্ৰিল।
- এই সময়ছোৱাত আদালতে সাক্ষ্য গ্ৰহণ কৰিব।
- গোচৰটোৰ সৈতে আছে কেইবাজনো ৰাজ সাক্ষী।
- ইফালে অভিযুক্তসকলৰ বিৰুদ্ধে যি ধাৰা প্ৰয়োগ কৰা হৈছে সেই ধাৰাত দোষী প্ৰমাণ হ'লে ১০ বছৰ পৰ্যন্ত জে'ল হ'ব পাৰে বুলি জানিব পৰা গৈছে।