অসম

'অসমীয়া প্ৰতিদিন'ৰ জ্যেষ্ঠ সংবাদকর্মী সুদর্শন দাস ৰায়ৰ পৰলোকপ্ৰাপ্তি

Asomiya Pratidin

ডিজিটেল ডেস্ক: 'অসমীয়া প্ৰতিদিন'ৰ জ্যেষ্ঠ সংবাদকর্মী সুদৰ্শন দাস ৰায় আৰু নাই। জি এম চি এইচৰ আই চি ইউত দেওবাৰে পুৱা শেষ নিঃশ্বাস ত্যাগ কৰে সংবাদ কৰ্মী গৰাকীয়ে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯। ১৪ নৱেম্বৰৰ পৰা চিকিৎসাধীন হৈ আছিল ৰায়। বৃকজনিত ৰোগত আক্ৰান্ত দাস ৰায়ক প্ৰথমে উইনট্ৰ'ৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত তেওঁক জি এম চি এইচলৈ স্থানান্তৰ কৰা হৈছিল।

ইয়াৰ মাজতে তেওঁ ষ্ট্ৰোকত আক্রান্ত হোৱাত শাৰীৰিক অবস্থাৰ অবনতি ঘটিছিল। লগে লগে তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হয় যদিও আজি পুৱা তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে পৰিয়ালক জানিবলৈ দিয়ে।

১৯৯৬ চনতে অসমীয়া প্রতিদিন'ত যোগদান কৰা দাস ৰায়ে ডি টি পি শাখাত নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰিছিল। গুৱাহাটীৰ আদাগুদামৰ আনন্দনগৰৰ বাসিন্দা সুদর্শন দাস ৰায়ে পাণবজাৰৰ ৰে'লৱে হাইস্কুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পিচত অসম আন্দোলনৰ বাবে আলিপুৰৰুৱাৰৰ পৰা সেই সময়ৰ পি ইউ উত্তীর্ণ হৈছিল।

ইয়াৰ পিচত তেওঁ গুৱাহাটীলৈ উভতি আহি অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল যদিও এই শিক্ষা আধাতে এৰি ৰে'ল বিভাগকে ধৰি বিভিন্ন পদত চাকৰিৰ বাবে সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল। পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ জীৱিকাৰ পথ মোকলাইছিল।

অধুনালুপ্ত ইংৰাজী দৈনিক নিউজ ফ্রন্টকে ধৰি বিভিন্ন কাকতত কাম কৰা দাস ৰায়ে ১৯৯৬ চনত 'অসমীয়া প্ৰতিদিন'ত যোগদান কৰি মৃত্যুৰ আগমুহুৰ্তলৈ নিষ্ঠাৰে সেৱা আগবঢ়াইছিল।

মৃত্যুৰ সময়ত মাতৃ, পত্নী, কণমানি কন্যা, ভাতৃ, ভতিজাসহ আত্মীয়ক সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুৰ সংবাদ পোৱাৰ পিচতে 'অসমীয়া প্ৰতিদিনৰ একাংশ সতীর্থই আনন্দনগৰৰ ঘৰত উপস্থিত হৈ শেষ শ্রদ্ধা অৰ্পন কৰে।

আজি দুপৰীয়াৰ ভাগত ভূতনাথ শ্মশানত প্রয়াত দাস ৰায়ৰ শেষকৃত্য সম্পন্ন কৰা হয়। অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত সন্ধিয়া এক শোকসভা অনুষ্ঠিত কৰি প্ৰয়াত জ্যেষ্ঠ সংবাদকর্মীগৰাকীৰ আত্মাৰ সদগতিৰ বাবে সতীর্থসকলে প্রার্থনা জনায়।

আৰু পঢ়ক: নগাঁৱত পথ দুৰ্ঘটনা, সংকটজনক কেইবাজনৰ অৱস্থা...