অসম

বাসুগাঁৱত বাসন্তী পূজা আৰু অশোকাষ্টমী মেলা...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ বিগত বৰ্ষৰ দৰে এই বছৰো বাসুগাঁও চহৰৰ সমীপৰ ভুটিয়াপাৰা চম্পাৱতী নৈৰ স্নানাঘাটত ১৭সংখ্যক শ্ৰীশ্ৰী বাসন্তী পূজা আৰু ৬৫ সংখ্যক অশোকাষ্টমী তথা গঙ্গাপূজা অনুষ্ঠিত হ'ব। বিগত ১৭ বছৰ ধৰি উক্ত স্নানাঘাটত ৪দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে দেৱী বাসন্তী পূজা অনুষ্ঠিত কৰা হয়। ১৪ এপ্ৰিল তাৰিখৰ পৰা ক্ৰমে মহাষষ্ঠী পূজা, মহা সপ্তমী, অশোকাষ্টমী, ৰাম নৱমী আৰু বিজয়া দশমী পূজা অনুষ্ঠিত হ'ব।

উল্লেখ্য যে বাসুগাঁও চহৰৰ চম্পাৱতী নৈৰ স্নানাঘাটত অশোকাষ্টমী উপলক্ষে বিগত ৬৫ বছৰ ধৰি ডাঙৰ মেলা অনুষ্ঠিত হৈ আহিছে। এই অশোকাষ্টমী মেলা উপলক্ষে বৃহত্তৰ বাসুগাঁও অঞ্চলৰ উপৰি বিভিন্ন জিলাৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ ২০সহস্ৰাধিক পুৰ্ণাৰ্থীৰ আগমন ঘটে আৰু পূজা অৰ্চনা কৰি চম্পাৱতী নৈৰ স্নান কৰি পূৰ্বপুৰুষসকলৰ পিণ্ডদান কৰে।

পুৰ্ণাৰ্থীৰসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সেইদিনা চম্পাৱতী নৈৰ বুকুত বিশেষ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু সুৰক্ষাৰ বাবে এচডিআৰএফ বাহিনীৰ জোৱানক নিয়োজিত কৰা হয়। অশোকাষ্টমী মেলাৰ উপৰি ৪দিনীয়া বাসন্তী পূজাৰ লগতে দেৱী অন্নপূৰ্ণাৰ পূজাও অনুষ্ঠিত হ'ব। ভক্তপ্ৰাণ ৰাইজৰ বাবে প্ৰত্যেক দিনাই প্ৰসাদ বিতৰণৰ ব্যৱস্থা কৰা হৈছে। সেয়ে উক্ত দেৱী বাসন্তীৰ পূজা-অৰ্চনাত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্ত ভাৱে কামনা কৰিছে বাসন্তী পূজা আৰু অশোকাষ্টমী পৰিচালনা সমিতিৰ সভাপতি নীলকমল দেৱনাথ আৰু দীপক দেৱনাথে ।