অসম

মন্ত্ৰী অশোক সিংঘালে কিশোৰীক দিলে সংগীত চৰ্চাৰ বাবে তবলা-হাৰমনিয়াম

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এগৰাকী কিশোৰীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে মন্ত্ৰী অশোক সিংঘালে। প্ৰতিভাসম্পন্ন ঠেলামৰাৰ জেছমিন বড়ো নামৰ কিশোৰীগৰাকীক মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিলে সংগীত বাদ্যযন্ত্ৰ।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে জেছমিন বড়োৰ সমস্যাৰ বিষয়ে জানিব পাৰি মন্ত্ৰীগৰাকীয়ে এটা মোবাইল ফোনৰ লগতে সংগীত চৰ্চাৰ বাবে প্ৰয়োজনীয় হাৰমনিয়াম-তবলা আদিৰ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দিছিল।

সেইমৰ্মে প্ৰথমে মোবাইল ফোন আৰু আজি ভোটপাৰাৰ বিধায়ক সেৱা কেন্দ্ৰত কিশোৰীগৰাকীৰ হাতত সংগীত সাধনাৰ সামগ্ৰীখিনি মন্ত্ৰীগৰাকীৰ ফালৰ পৰা আগবঢ়োৱা হয়। জেছমিন বড়োক আগবঢ়োৱা উপহাৰত আছে এটা হাৰমনিয়া আৰু তবলা।

উপহাৰ লাভ কৰিয়েই উৎফুল্লিত হৈ পৰে জেছমিন। তেওঁ মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সংগীত চৰ্চা অব্যাহত ৰাখিব বুলি জনায়। জেছমিনে জনাই যে ৰাজ্য চৰকাৰৰ পৰা আয়োজন কৰা অসম সাংস্কৃতিক মহাসংগ্ৰামত তেওঁ পঞ্চায়ত পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হৈছিল। কিন্তু হাৰমনিয়াম, তবলা নোহোৱা বাবে ভালদৰে অনুশলীন কৰিব পৰা নাছিল। যাৰ বাবে মন্ত্ৰীগৰাকীয়ে তেওঁ সংগীতৰ এই বাদ্যযন্ত্ৰখিনি যোগান ধৰে।