এবাৰ গুৱাহাটী ফুৰো আহক মৃগেন শৰণীয়া ডাঙৰীয়া...

এবাৰ গুৱাহাটী ফুৰো আহক মৃগেন শৰণীয়া ডাঙৰীয়া...

গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া। ডেৰ বছৰৰো অধিককাল এই আসনত থকা শৰণীয়া ডাঙৰীয়াই ঠিকেই কয় গুৱাহাটীৰ উন্নয়নৰ কথা। গুৱাহাটীবাসীৰ সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতিও তেওঁ দিয়ে ঠিকেই।

গুৱাহাটী মহানগৰৰ সৌন্দৰ্য বৰ্ধনৰ কথা সুযোগ পালেই কয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ সুৰতেই সুৰ মিলাই গুৱাহাটীক সপোনপুৰী কৰাৰ কথা আওৰাই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে।

গুৱাহাটী মহানগৰৰ চোৱা-চিতাৰ বাবে আছে গুৱাহাটী পৌৰ নিগম। গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ চমুকৈ জিএমডিয়েও চকু ৰাখে গুৱাহাটীৰ ওপৰত। সমস্যাবোৰৰ কথা বাদ দি মেয়ৰ মৃগেন শৰণীয়াকে কেতিয়াবা লৈ যাব মন যায় গুৱাহাটী ফুৰাবলৈ।

দেখুৱাই দিব মন যায় কিছুমান দৃশ্য, যিবোৰ দৃশ্য তেওঁ দেখিও নেদেখাৰ দৰে। অন্তত মৃগেন শৰণীয়াই সেইবোৰ দৃশ্য় চাই অনুভৱ কৰিব মহানগৰৰ নামত গুৱাহাটীত বাস্তৱতে চলি আছে কি।

প্ৰয়োজনবিহীনভাৱে ফুট ব্ৰীজ, উৰণীয়া সেতু, বাট-পথৰ ডিভাইডাৰ ৰং সানিলেই গুৱাহাটী জানো ধুনীয়া হৈ পৰিব? য'ত নিয়ম বুলিয়েই কোনো নিয়ম নাই, সেই নিয়ম ভংগকাৰীক চাবলৈ, হকা-বধা দিবলৈ আজৰি নাই তেন্তে এখন মহানগৰত কদৰ্যতাৰ বিপৰীতে আৰু কি আশা কৰিব পাৰি?

মৃগেন শৰণীয়াক লৈ এই যাত্ৰা বেলতলাৰ বজাৰৰ পৰাই কৰিব পাৰি। কিয়নো সেইখন জিএমচিয়ে লীজত দিয়া বজাৰ। সপ্তাহত দুদিনকৈ বহিব লগা এই বজাৰখনত বজাৰৰ বাৰৰ দিনা পথেৰে মানুহ খোজ কাঢ়িও অহা যোৱা কৰিব নোৱাৰে।

সপ্তাহৰ দুদিন কোনোমতে সহ্য কৰিলেও এতিয়া আন দিনাও তাত বজাৰৰ বাৰৰ দৰেই বজাৰ বহে। কোটি টকাত হেনো লেচীক দিয়া হয় সেই বজাৰ। ৰাজনৈতিক নেতাই কোনো ঘনিষ্ঠলোকৰ নামত সেই বজাৰলৈ ধন সংগ্ৰহৰ প্ৰতিযোগীতাত নামে।

দাবী-ধমকি দি ধন তুলি চলাই গৈছে এই বজাৰ। বেলতলাৰ পৰা জয়ানগৰ চাৰিআলিলৈকে বহিব লগা এই বজাৰখন এতিয়া আহি লাহে লাহে লাষ্টগেট পৰ্যন্ত পাইছে। লাষ্টগেটৰ পৰা বেলতলালৈকে পথৰ দুয়োকাষে মাছ আৰু মাংসৰ লগতে পাচলিৰ অলেখ দোকান।

আগতে বেলতলা বজাৰৰ লগত সংগতি ৰাখি সপ্তাহত বৃহস্পতিবাৰ আৰু দেওবাৰে এই বজাৰ বহিছিল যদিও এতিয়া প্ৰতিদিনেই সেই পথচোৱাত দেখা পোৱা যায় মাছ-মাংস তথা পাচলিৰ দোকান।

সেই বিক্ৰেতাসকলৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিও মৃগেন শৰণীয়াক এইবোৰ দেখুৱাই সুধিব মন যায় এখন মহানগৰত, এটা ব্যস্ত পথত ইচ্ছা গ'লেই কোনোবাই পাতিব পাৰে নেকি এনে অবৈধ দোকান? সেই দোকানবোৰৰ আৱৰ্জনাই পথচোৱাক দুৰ্গন্ধময় কৰি পেলায়।

মৃগেন শৰণীয়া বা জিএমচিৰ কৰ্তৃপক্ষই দেখা নাই নে এইবোৰ? কৰ্তব্যৰত বিষয়া-কৰ্মচাৰীসকলে দিয়া নাই নে সেই পৰিবেশৰ খবৰ? বেলতলাৰ পৰা আহি থাকোতে পদ পথত অলেখ দোকান দেখা পাব তেওঁ। কাপোৰ আৰি ফুটপাথৰ ওপৰতেই পতা ভাতৰ হোটেলবোৰৰ এতিয়া ভাল বজাৰ।

এয়া কোনোবালোকৰ আয়ৰ উৎস হ'ব পাৰে। কিন্তু সেই পথৰেই খোজ কাঢ়ি অহা-যোৱা কৰা মানুহবিলাকৰ অধিকাৰ কিয় এনেদৰে কাঢ়ি নিবলৈ দিয়া হৈছে?

গনেশগুৰিতো একেই অৱস্থা। গনেশ মন্দিৰৰ পৰা গোপাল বড়ো হাইস্কুললৈকে পদপথত এতিয়া পাচলিৰ বিশাল বজাৰ। সেই বজাৰ এতিয়া আগবাঢ়ি গৈ বি কে টাৱাৰ পৰ্যন্ত পাইছেগৈ। আনকি সৰু গলি বোৰৰ দুইকাষে এই অবৈধ দোকানে ভৰি পৰিছে।

কাহিলীপাৰা পথতো ফুটপাথৰ ওপৰত মাছ-মাংসৰ গনিব নোৱাৰা দোকান। সন্ধিয়া সময়ত ৰাজপথৰ ওপৰতেই দোকানীয়ে মেলি লয় মাছ। ঠেলাৰ দৰে কাঠৰ দোকান বনাই বিক্ৰী কৰে ঠাইতে পথৰ ওপৰত মাংস।

কোন ঠাইত এতিয়া এই অৱস্থা নহয়? বজাৰ আছে কিন্তু সেই বজাৰতকৈ পদপথত, ৰাজপথত বহা এই অবৈধ অস্থায়ী দোকানবোৰতেই ভিৰ বেছি। পদপথৰ বেপাৰীসকলৰ বাবে জিএমচিয়ে ব্যৱস্থা কৰক। তেওঁলোককো সুবিধা কৰি দিয়ক।

কিন্তু গুৱাহাটীখন এনে অবৈধ দোকানেৰে ভৰাই তুলিবলৈ কিয় এৰি দিছে? ছয় মাইলতো পদ পথৰ ওপৰতেই গঢ় লৈ উঠিছে বিশাল বজাৰ। মহানগৰীৰ যিফালে দেখা যায় সেইফালেই দেখা পাব এইবোৰ দৃশ্য।

এনেকৈ গুৱাহাটীক কেনেকৈ স্মাৰ্ট চিটি কৰিব? দেশৰ স্মাৰ্ট চিটিবোৰৰ ভিতৰত গুৱাহাটীৰ ৰেংক কিমান জানেনে আপুনি? ১০০ খন স্মাৰ্ট চিটিৰ ভিতৰত গুৱাহাটীৰ ৰেংক ৯৭। এতিয়া ভাৱক গুৱাহাটীৰ আন্তঃগাথনি কি পৰ্যায়ত আছে?

জু-ৰোড তিনিআলিতো নিশা, পুৱা একেই অবৈধ বজাৰ। বামুনীমৈদামৰ কথা কৈ কৈ ভাগৰিল বহুতে। ৰেলৰ আলিৰ ওপৰত হয়তো এনেকৈ বজাৰ বহা উদাহৰণ বিৰল। চানমাৰী আকাশবাণীলৈ সোমোৱা পথৰ পৰা আৰম্ভ কৰি বহে মাছ-মাংসৰ দোকান।

ৰুক্মিনী গাঁৱত ৰাজপথৰ ওপৰতেই ফল-মূলৰ ঠেলাৰে মেলা বহে। কছাৰী বস্তি, উলুবাৰী, ভৰলুমুখ ক'ত নাই এই ধৰণৰ অস্থায়ী দোকান। গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে এতিয়া পদপথৰ ওপৰত জীৱন জীৱিকাৰ নামত এইধৰণৰ অবৈধ বজাৰ গঢ়ি তুলিবলৈ কিয় এৰি দিয়া হৈছে।

ফাচী বজাৰৰ দৃশ্য এতিয়া মহানগৰীৰ য'তে-ত'তে। পল্টন বজাৰৰ নিচিনা হৈ পৰিছে মহানগৰীৰ প্ৰায়বোৰ স্থান। চাহৰ দোকান, ভাতৰ হোটেল, পান দোকান এইবোৰতো আছেই।

গুৱাহাটী ধুনীয়া। প্ৰকৃতিয়ে গুৱাহাটীক কি দিয়া নাছিল। এফালে সেউজ পাহাৰ, আনফালে বিশাল ব্ৰহ্মপুত্ৰ। তাৰ মাজত সমতল ভূমি। যাক ক'ব পাৰি ৰম্যপুৰী। সেই ৰম্যপুৰীত আমি অত্যাচাৰ চলাইছো। আৰু আপোনালোকে সেই অত্যাচাৰ বাধা দিয়াৰ সলনি নীৰৱ দৰ্শক হৈ চাই ৰৈছে।

আৰু কিছুদিনৰ পাছত পদপথ আৰু মহানগৰীৰ য'তে-ত'তে গঢ় লৈ উঠা অবৈধ বজাৰ আৰু দোকানবোৰে আৰু ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিব। সেই ভয়াবহতাৰ কথা এতিয়া কল্পনা কৰিব পৰা নাই বহুতে। যি ভয়াবহতাই মহানগৰীৰ স্বাভাৱিক জীৱন যাত্ৰাত ইতিমধ্যেই প্ৰভাৱ পেলাইছে।

যিকোনো সমস্যাৰে সমাধান আছে। যদিহে সেই সমস্যাবোৰ সমাধানৰ কথা ভৱা হয়, উদ্যোগ লোৱা হয়। আপোনালোকে চোন সেই উদ্যোগ লবলৈকে টান পায়। তেন্তে কি হ'বগৈ গুৱাহাটীৰ? আপুনি যি স্থানত থাকে সেই স্থানত পুৱা ভাগত নিশ্চিতভাৱে এইবোৰ দৃশ্য দেখিছে।

জিএমচিৰ কৰনীয় নাই নেকি একো? সেয়েহে আপোনাক এবাৰ ফুৰাবলৈ লৈ যোৱাৰ ইচ্ছা। অকৰ্তৃত্বশীলভাৱে কাঠফুলাৰ দৰে গঢ় লৈ উঠা এই বজাৰবোৰ নিয়ন্ত্ৰণ কৰিবলৈ উদ্যোগ লোৱাৰ সময় আহি পৰিছে।

দিঘলী পুখুৰীৰ পাৰতো এতিয়া খাদ্য়ৰ মেলাস্থলী হৈ পৰিছে। পুৱা নিৰ্মল বতাহ ল'ব ।যোৱা মানুহে এতিয়া দুৰ্গন্ধত নাকত ৰুমাল ধৰে। ৰাজভৱনলৈ যোৱাৰ পথতো জানো একেই অৱস্থা হোৱা নাছিল।

ডাঙৰ মানুুহৰ বাসস্থানলৈ যোৱা পথৰ বাবে সেই পথত থকা দোকানবোৰ বাৰু আঁঁতৰালে। বাকীবোৰ স্থানত এনে পদক্ষেপ লোৱাত কিহৰ কৃপনালী। পদপথবোৰ পদযাত্ৰীৰ নে দোকানীৰ বাবে নিৰ্মাণ কৰা হয়, সেই প্ৰশ্নৰ জানো উত্তৰ দিব লাগিব আমি।

আপুনি এদিন ওলাওক গুৱাহাটী ফুৰিবলৈ। উল্লেখিত দৃশ্যবোৰ ভালদৰে চাই ভাৱক কি হৈ পৰিছে মহানগৰীখন। তাৰপাছত অনুভৱ কৰক কোৱা কথাবোৰ সঁচানে মিছা। পদপথৰ বেপাৰীসকলে বাধাহীনভাৱে দোকান মেলিছে। য'তেই ইচ্ছা ততেই বহিছে। নিজৰ ব্যৱসায়ৰ কথা ভাবিছে। কিন্তু আপোনালোকেতো ভাবিব লাগিব আমাৰ প্ৰিয় চহৰখনৰ কথা, গুৱাহাটীৰ কথা...

এবাৰ গুৱাহাটী ফুৰো আহক মৃগেন শৰণীয়া ডাঙৰীয়া...
'অনুকৰ্শন অভিদৰ্শন' : লক্ষীকান্ত মহন্তৰ অভিনন্দ গ্ৰন্থ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in