অসম

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত খোপনি পোতাৰ লক্ষ্যৰে গুৱাহাটীলৈ আহি আছে কেজৰিৱাল

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিৰোধীৰ দুৰ্বল ভূমিকাৰ মাজতে আম আদমি পাৰ্টীয়ে অঞ্চলটোত এক শক্তিশালী ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । এই প্ৰেক্ষাপটত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ অনুৰোধমৰ্মে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মন আগন্তুক ২ এপ্ৰিলত গুৱাহাটীলৈ আহিব ।

দলটোৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, অসমৰ বিজেপি চৰকাৰৰ জনবিৰোধী কাৰ্য-কলাপ, উচ্চস্তৰীয় দুৰ্নীতি তথা সা-সামগ্ৰীৰ আকাশলংঘী দামৰ বাবে অসমৰ জনতাই বিজেপিৰ বিৰুদ্ধে কঠোৰ আম আদমি পাৰ্টীয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত শক্তিশালী বিৰোধীৰ ভুমিকা পালন কৰিবলৈ আগবাঢ়ি আহিছে । দিল্লীত শিক্ষা আৰু স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা আম আদমি পাৰ্টী একমাত্ৰ ৰাজনৈতিক দল যিয়ে ভৱিষ্যত প্ৰজন্মক বিশ্ব মানৰ শিক্ষা প্ৰদান কৰি ভাৰতক বিশ্বৰ ভিতৰত এক নম্বৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰোৱ‍াৰ সংকল্প গ্ৰহণ কৰিছে ।

অসমৰ যিসকল লোকে শিক্ষা খণ্ডৰ আমোলা পৰিৱৰ্তনৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ অক্ষত উন্নয়ন বিচাৰে তেওঁলোকে সামগ্ৰিকভাৱে আম আদমি পাৰ্টীক সমৰ্থন কৰিবলৈ আাৰু বিশেষভাৱে আগন্তুক ২ ৈপ্ৰিলৰ অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মান ডাঙৰীয়াৰ কাৰ্যসূচীত সহযোগিতা কৰিবলৈ আম আদমি পাৰ্টী, অসমে বিনয়েৰে আহ্বান জনাইছে ।

দলটিৰ অভিযোগ অনুসৰি, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে অসমৰ দৰিদ্ৰ জনতাক জ্বলা-কলা খুৱাইছে । লগতে প্ৰশাসনক অপব্যৱহাৰ কৰি উচ্ছেদ অভিযান চলোৱা, অভিযুক্তক এনকাউন্টাৰ কৰি হত্যা কৰাৰ লগতে মানৱতাক মূল আদৰ্শ হিচাপে গ্ৰহণ কৰা আম আদমি পাৰ্টীয়ে জনতাৰ এনে দু:সময়ত জনতাৰ সৈতে আছে আৰু চৰকাৰৰ এনে শাসনৰ বিৰুদ্ধে মাত মাতি যাব ।

এক সংবাদ মেলযোগে এই কথা প্ৰকাশ কৰে আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ড০ ভবেন চৌধুৰী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ।