দৰঙত এখন অৰুণোদইৰ আবেদন পত্ৰৰ দাম ১৫০০ টকা...
দৰঙত এখন অৰুণোদইৰ আবেদন পত্ৰৰ দাম ১৫০০ টকা... 
অসম

দৰঙত এখন অৰুণোদইৰ আবেদন পত্ৰৰ দাম ১৫০০ টকা...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ এখন অৰুণোদইৰ আবেদন পত্ৰৰ দাম ১৫০০ টকা। মঙলদৈৰ বান্দীয়া গাওঁ পঞ্চায়তত এখন অৰুণোদইৰ আবেদন পত্ৰৰ দৰ দাম চলিছে।

দৰং জিলাৰ পথৰুঘাটৰ কৃষক ছহিদ দিৱসৰ কাৰ্যসূচীত আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তাতেই এগৰাকী মহিলাই আৰক্ষীৰ বেহু ফালি মুখ্যমন্ত্ৰী লগ কৰিব বিচাৰিছিল।

পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত বান্দীয়া গাওঁপঞ্চায়তৰ অৰুণোদইৰ আবেদনকাৰীয়ে মুখ্যমন্ত্ৰীক এই অভিযোগ দিব আহিছিল। অভিযোগ আছিল, বান্দিয়া গাওঁপঞ্চায়তৰ এগৰাকী সদস্যই এখন অৰুণোদই আবেদন পত্ৰৰ বিনিময়ত বিচাৰিছে ১৫০০ কৈ টকা।

অৱশেষত মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীক লগ কৰাৰ সুবিধা লাভ কৰিলে। ক'লে মুখ্যমন্ত্ৰীক সকলো কথা। মহিলাগৰাকীৰ কথা শুনি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে।