অসম

গুৱাহাটী IITত এছটিএফৰ অভিযানঃ আটক ছহাউল উৰ ৰহমান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী আইআইটিত STFৰ অভিযান। ISISৰ সৈতে জড়িত থকাৰ সন্দেহত আৰু এজনক আটক কৰে এছটিএফে। দেওবাৰে আটক কৰে এই ছাত্ৰজনক। লোহিত হোষ্টেলৰ পৰা আটক কৰা ছাত্ৰজন ছহাউল উৰ ৰহমান বুলি চিনাক্ত হৈছে। STF-য়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ছাত্রজনক।

ইয়াৰ পূৰ্বে শনিবাৰে আটক হৈছিল আন এজন ছাত্ৰ। সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰাৰ বুলি মেইল পোৱা পাছত হাজোৰ পৰা  আই আই টি, গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকীক গ্ৰেপ্তাৰ কৰিছিল এছটিএফে। তেওঁৰ ঘৰ গুৱাহাটীৰ পাণবজাৰত আৰু তেওঁৰ পিতৃৰ নাম আজমত আলী ফাৰুকি ।

উল্লেখ্য যে, ইয়াৰ কেইদিনমান পূৰ্বে ধুবুৰীৰ ধৰমশালাৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুজনৈ আই এছ আই এছৰ শীৰ্ষ নেতাক। এই দুই নেতা আছিল ক্ৰমে হৰিশ ফাৰুকি ওৰফে হৰিশ আজমল ফাৰুকি আৰু আনজন অনুৰাগ সিং ওৰফে ৰেহান। ইয়াৰে হৰিশ ফাৰুকি আছিল আই এছ আই এছৰ ভাৰত গোটৰ মুৰব্বী। তেওঁ বহু যুৱকৰ মন ভুলাই আই এছ আই এছত যোগদান কৰোৱাত আছিল সিদ্ধহস্ত। আনহাতে ৰেহানে স্বধৰ্ম ত্যাগ কৰি ইছলাম গ্ৰহণ কৰিছিল।