অসম

APSC কেলেংকাৰী! আৰু শ'ল, বৰালী পৰিব জালত, অচিৰেই নেপালৰ পৰা অনা হ'ব ৰাকেশ পালৰ ভাতৃক

Asomiya Pratidin

ডিজিটেল ডেস্ক: এ পি এছ চি কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পালৰ ভাতৃ ক'ত। এই কেলেংকাৰী পোহৰলৈ অহাৰ পাছৰে পৰাই সন্ধানহীন হৈ আছিল পালৰ ভাতৃ ৰাজীৱ পাল। তাৰ মাজতে এক খবৰ আহিছিল যে ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পাল নেপালত আত্মগোপন কৰি আছে।

এপিএছচি কেলেংকাৰী সংঘটিত কৰি হাৱলাৰ জৰিয়তে নেপাললৈ ধন পঠিয়াই সেই ধনেৰে পালৰ ভাতৃয়ে নেপালত বিলাসী জীৱন কটাইছে বুলিও চৰ্চা হৈছিল। ইতিমধ্যে ৫ বছৰ কাৰাগাৰত কটাইছে ৰাকেশ পালে। আনহাতে তেওঁৰ ভাতৃক নেপালৰ পৰা ঘূৰাই আনিবলৈ কুচ কাৱাজ আৰম্ভ কৰিছে অসম আৰক্ষীয়ে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে নেপাল চৰকাৰৰ সৈতে এই সন্দৰ্ভত যোগাযোগ হৈছে বুলি এক সূত্ৰত প্ৰকাশ। সূত্ৰটোৰ মতে বৰ্তমান অসুস্থ ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পাল। দৈনিক ২-৩ লাখ টকাৰ ঔষধে লাগে ৰাজীৱ পালক।

উল্লেখ্য যে, ২০১৭ চনৰ ৮ নৱেম্বৰৰ পৰা পলাতক হৈ আছে ৰাজীৱ পাল। তেওঁৰ ছপা শালতেই ভুৱা অ এম আৰ শ্বীট ছপা কৰিছিল বুলি আৰক্ষীৰ তদন্তত ওলাইছে। নেপাল চৰকাৰে অনুমতি দিলে অসম আৰক্ষীয়ে অচিৰেই ঘূৰাই আনিব ৰাজীৱ পালক। তেতিয়াই এপিএছচি কেলেংকাৰীৰ তদন্তই আন এক মোৰ লাভ কৰিব।

এই কেলেংকাৰীৰ সৈতে জড়িত আন একাংশৰ নাম পোহৰলৈ আহিব ৰাজীৱ পালক জেৰা কৰিলে। ইয়াৰোপৰি এপিএছচিৰ ধন হাৱলাৰ জৰিয়তে কাৰ সহযোগত নেপাললৈ পঠোৱা হৈছিল সেই কথাও আৰক্ষীয়ে গম পাব ৰাজীৱ পালক জেৰা কৰিলে।

ৰাকেশ পালৰ আঁৰত থকা বহু সম্পত্তি হিচাপ ৰাজীৱ পালৰ পৰা আৰক্ষীয়ে গম পাব বুলি অনুমান কৰা হৈছে।

আৰু পঢ়ক: আমাৰ কৃষ্টি-সংস্কৃতি আমি নিজেই ৰক্ষা কৰিব লাগিব: মন্ত্ৰী পীযুষ হাজৰীকা