অসম

জুনত অনুষ্ঠিত নহয় এপিএছচিৰ মূল পৰীক্ষা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগে ইতিমধ্যে ফলাফল ঘোষণা কৰা ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ পাছত অহা জুন মাহত ইয়াৰ মূল পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু আছুৰ প্ৰতিবাদৰ পাছতেই আয়োগৰ তৰফৰ পৰা দেওবাৰে এক জাননী জাৰি কৰে।

সেই অনুসৰি মূল পৰীক্ষা অহা জুন মাহত নহয়। ইয়াৰ সলনি অহা ৮,৯ আৰু ১০ জুলাইত অনুষ্ঠিত হ'ব পৰীক্ষা। ইয়াৰ বাবে আয়োগে বাচনি কৰা ৭ টা স্থান হৈছে- শিলচৰ, নগাঁও,যোৰহাট, তেজপুৰ, লখিমপুৰ,বঙাইগাঁও আৰু গুৱাহাটী।

উল্লেখ্য যে, জুন মাহত ৰাজ্যৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ষাণ্মাষিক পৰীক্ষা অনুষ্ঠিত হয়। যাৰ বাবে এপিএছপিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল পৰীক্ষা পিচুয়াই দিয়াৰ দাবী জনাইছিল।