অসম

লাভ নকৰিলে টিকট! পদত্যাগ প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত অব্যাহত আছে খহনীয়া। এইবাৰ পদত্যাগ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি দ্বিজেন শৰ্মাই।

গুৱাহাটী লোকসভা সমষ্টিৰ প্রাৰ্থিত্ব প্রত্যাশী আছিল দ্বিজেন শৰ্মা। কিন্তু মীৰা বৰঠাকুৰে দলীয় টিকট লাভৰ সম্ভাৱনাৰ পিছতেই পদত্যাগ কৰে শৰ্মাই। টিকট লাভ নকৰাৰ বাবে সম্ভৱত এই সিদ্ধান্ত লৈছে শৰ্মাই।

এই সন্দৰ্ভত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্রেৰণ কৰিছে পদত্যাগ পত্র। তৎক্ষাণিকভাৱে বলবৎ হোৱাকৈ এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰে তেওঁ।