অসম

অনুৰাধা শৰ্মা পূজাৰীৰ গল্পৰ নাট্যৰূপ, ১৬ আৰু ১৭ ফেব্ৰুৱাৰীত নাট্য প্ৰদৰ্শনী অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ নাট শাখাই মঞ্চস্থ কৰিব "ঘৰৰ দাম" শীৰ্ষক এখন নাট । অনুৰাধা শৰ্মা পূজাৰীৰ একে নামৰ গল্পৰ আধাৰত মঞ্চস্থ হ'ব লগা নাটক খনৰ পৰিকল্পনা আৰু পৰিচালনা অবিনাশ শৰ্মাৰ । ১৬ আৰু ১৭ ফেব্ৰুৱাৰীত সন্ধিয়া ৬ বজাত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এই নাটক প্ৰদৰ্শিত হ'ব । ঘৰৰ দাম শীৰ্ষক গল্পটো নাট্যৰূপ দিছে অবিনাশ শৰ্মাই । নাটক খনৰ আৱহ সংগীত মনদীপ মহন্তৰ ।