বকোত শিক্ষাৰ্থী আৰু ৰাইজৰ মাজত ড্ৰাগছ বিৰোধী সমদল আৰু সজাগত সভা...
বকোত শিক্ষাৰ্থী আৰু ৰাইজৰ মাজত ড্ৰাগছ বিৰোধী সমদল আৰু সজাগত সভা... 
অসম

বকোত শিক্ষাৰ্থী আৰু ৰাইজৰ মাজত ড্ৰাগছ বিৰোধী সমদল আৰু সজাগত সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ সোণতলীঃ ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰানালয়ৰ অধীনত সমগ্ৰ দেশজুৰি চলা 'নিচা মুক্ত ভাৰত অভিযান'ৰ অংশ হিচাবে আজি ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী বে-চৰকাৰী সংগঠন 'আমাৰ প্ৰয়াস গোষ্ঠী'য়ে  কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত 'কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেক'ণ্ডাৰী স্কুল'ত দিনজোৰা কাৰ্যসূচীৰে ৰূপায়ন কৰে এখনি সজাগতা কাৰ্যসূচীৰ ৷

নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাযুক্ত সামগ্ৰীৰ কৱলৰ পৰা ভৱিষ্যৎ প্ৰজন্মক ৰক্ষা কৰি সুস্থ - সৱল সমাজ গঢ়াৰ লক্ষৰে কামৰূপ জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত ৰূপায়ন কৰা এই অভিযানৰ অংশ হিচাবে দিনৰ ১১ বজাত  কালাতলী কাঠমী ছিনিয়ৰ ছেক'ণ্ডাৰী স্কুলত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আমাৰ প্ৰয়াস গোষ্ঠীৰ সদস্যসকলে বেনাৰ,প্লে'কাৰ্ড আদি লৈ কালাতলী বজাৰ এলেকাত এক সজাগতা শোভাযাত্ৰা উলিয়াই ৰাইজক ড্ৰাগছৰ ভয়াবহতাৰ ওপৰত সজাগ কৰাৰ প্ৰয়াস চলায় ।

ইয়াৰ পিচতে বিদ্যালয় প্ৰাংগণত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আমিন ময়নুল হকৰ পৰিচালনাত অনুষ্ঠিত হয় সজাগতা সভা ৷ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত শৈক্ষিক তত্বাৱধায়ক ওমৰ আলী আহমেদে আদৰণী ভাষণ আগবঢ়োৱা সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আমাৰ প্ৰয়াস গোষ্ঠীৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক আনোৱাৰ হুছেইনে।

সজাগতা সভাখনত জিলা সমাজ কল্যাণ বিষয়া নিশা মনি কলিতা, কামৰূপ জিলাৰ ধপাঁত বিৰোধী কোষৰ নডেল বিষয়া ডাঃ অমিয় কুমাৰ দাস, জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ছাটখোকাই ছাংচাং, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মিৰ্জানুল হক প্ৰমূখ্যে কেবাগৰাকী বিশিষ্ঠ ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

উল্লেখ্য, উক্ত সভাতে আমাৰ প্ৰয়াস গোষ্ঠীৰ পৰা কেবাগৰাকী ব্যক্তিক প্ৰয়াস ৰত্ন সন্মান -২০২৩ প্ৰদান কৰে ৷ ইফালে,সজাগতা সভাত জনপ্ৰিয় কণ্ঠশিল্পী ৱাহিদা ৰহমানে পৰিৱেশন কৰা বৰগীত আৰু সংগীতে সকলোকে মুহিত কৰে ৷ এই সভাতে পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নিচা মুক্ত জীৱন তথা পৰিয়াল গঢ়াৰ সংকল্প লয়।

উল্লেখ্য, কামৰূপ জিলাৰ ছয়গাঁৱ আৰু বকো সমষ্টিৰ এলেকাধীন সংখ্যালঘু অধ্যুষিত গৰৈমাৰী, সোণতলী, টুপামাৰী, কালাতলী আদি অঞ্চল ৰাজ্যৰ আৰক্ষী প্ৰশাসনে ড্ৰাগছ জ'ন হিচাবে চিনাক্ত কৰাৰ পিচতে কালাতলীত এনে সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰা বুলি আমাৰ প্ৰয়াস গোষ্ঠীৰ পৰিচালন সঞ্চালক আনোৱাৰ হুছেইনে জানিবলৈ দিয়ে।