অসম

গোৱালপাৰাত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান : জালত পৰিল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া

Asomiya Pratidin

ডিজিটেল সংবাদ গোৱালপাৰা : দুদিন পূৰ্বে গোৱালপাৰাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ দুগৰাকীকৈ কৰ্মচাৰী ঘোচ লোৱাৰ অভিযোগত জে'ললৈ যোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই শুক্ৰবাৰে পুনৰ এগৰাকী শিক্ষা বিষয়া ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গ্ৰেপ্তাৰ হোৱা শিক্ষা বিষয়া গৰাকীৰ নাম হ'ল বজলুল বাছিত সৰকাৰ।

তেওঁ গোৱালপাৰা জিলাৰ মাটিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া। অভিযোগ অনুসৰি এগৰাকী শিক্ষকৰ পৰা ১ হেজাৰ টকা উৎকোচ লোৱা অৱস্থাতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই তেওঁক হাতে-লোটে ধৰা পেলায়।

উল্লেখ্য যে গোৱালপাৰা জিলাৰ মাটিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বজলুল বাছিত সৰকাৰে কাৰ্যালয়টোত দীৰ্ঘ দিনৰে পৰাই দুৰ্নীতিৰ বেহা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এনে অৱস্থাতে শিক্ষা খণ্ডটোৰ অন্তৰ্গত কয়লাকান্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দেৱান ৰফিক আহমেদে লোনৰ আবেদন পত্ৰ অনুমোদনৰ বাবে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বজলুল বাছিত সৰকাৰৰ ওচৰলৈ আহে।

কিন্তু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে ইয়াৰ বিনিময়ত ১হেজাৰ টকাৰ ঘোচ বিচৰা বুলি অভিযোগ কৰা হৈছে। মানব সম্পদ গঢ় দিয়া কাৰ্যত জড়িত লোক এজনৰ পৰা এগৰাকী বিষয়াই এনেদৰে ঘোচ বিচৰা কাৰ্যত শিক্ষকগৰাকী হতভম্ব হৈ পৰে।

ফলত তেওঁ বিষয়টো লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে। ইয়াৰ পিচতেই শুক্ৰবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই ইয়াৰ বিৰুদ্ধে অভিযান চলায়।

বিয়লি প্ৰায় ২-৩০ বজাত মাটিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বজলুল বাছিত সৰকাৰে কাৰ্যালয়টোত উক্ত শিক্ষকগৰাকীৰ পৰা ১হেজাৰ টকা ঘোচ লোৱা অৱস্থাতে হাতে-লোটে ধৰা পেলাই তেওঁক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলে।