অসম

মধুকুছিত হৰদত্ত বীৰদত্ত স্বৰ্ণ শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াৰ মধুকুছিত হৰদত্ত বীৰদত্ত স্বৰ্ণ শাখা সাহিত্য সভাৰ ২৬ সংখ্যক বিশেষ বাৰ্ষিক অধিৱেশন দেওবাৰে সফলতাৰে অনুষ্ঠিত কৰা হয়। স্থানীয় মধুকুছি ৰঙ্গমঞ্চত অনুষ্ঠিত অধিৱেশনৰ কাৰ্যসূচী ৰূপে পুৱাৰ ভাগত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি হৰেশ্বৰ ডেকাই।

ইয়াৰ পিছতে স্মৃতি চাৰণ অনুষ্ঠান,গছপুলি ৰোপণ,চিত্ৰাংকন প্ৰতিযোগিতা ,অসম ভিত্তিত কামৰূপী লোকগীত প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।বিয়লিৰ ভাগত অনুষ্ঠিত মুকলি সভাত বঁটাসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।

আনহাতে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডঃ নৃপেন্দ্ৰ নাথ তালুকদাৰ প্ৰমুখ্যে কেবাগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰা সভাত শিশু আলোচনী কুঁহিৰ লগতে বাৰ্ষিক মুখপত্ৰ পদুম কুৱঁৰীৰো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।