অসম

সাৱধান হওঁক; জীৱ-জন্তুৰ দেহত দেখা গৈছে লাম্পি ৰোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও : ৰাজ্যত ঠায়ে ঠায়ে জীৱ-জন্তুৰ দেহত দেখা গৈছে লাম্পি ৰোগ। নগাঁও জিলাত সৰ্বাধিক এই ৰোগৰ প্ৰাদুৰ্ভৱ দেখিবলৈ পোৱা গৈছে। লগতে বৰপেটা, কামৰূপৰ উপৰিও উজনি অসমৰ বিভিন্ন ঠাইত গোধনৰ শৰীৰত দেখা দিছে বসন্ত সদৃশ এই লাম্পি ৰোগ।

এই কথা প্ৰকাশ কৰিলে খোদ পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰাই। সেয়েহে লাম্পি ৰোগৰ বাবে যাৱতীয় টীকাকৰণৰ ব্যৱস্থা কৰিছে পশু চিকিৎসা বিভাগে। ইপিনে আটাইতকৈ চিন্তনীয় কথাটো হৈছে বন্যপ্ৰাণী যেনে- বনৰীয়া ম'হ, পহু আদিলৈ ইয়াৰ সম্প্ৰসাৰণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কলিয়াবৰ তথা কাজিৰঙাৰ বিভিন্ন অঞ্চলত এই ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত বন্যপ্ৰাণীলৈ বিয়পাৰ সম্ভাৱনাৰ কথাও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে‌‌।

অৱশ্যে বৰ্তমানলৈ বন্যপ্ৰাণীৰ দেহত লাম্পি ৰোগ বিয়পাৰ কোনো তথ্য পোৱা নাই। ইপিনে সমাগত বানপানীৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ‌। বানপানীৰ সময়ত যাতে কৃষকসকল লোকচানৰ সন্মুখীন নহয় আৰু পশুধন মৃত্যু মুখত নপৰে তাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা কৰিব কৃষি বিভাগে।