অসম

অনন্ত কলিতা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অনিয়ম, অন্যায়ৰ বিৰুদ্ধে নীৰৱে শক্তিশালীভাৱে কলম চলাই যোৱা এজন বিশিষ্ট নিবন্ধকাৰ চিৰদিনৰ বাবে নহোৱা হ’ল। তেওঁ আছিল বিশিষ্ট অৰ্থনীতিবিদ, চিন্তাবিদ, সমাজ সচেতন, লেখক। বাঁওপন্থী চিন্তাধাৰাৰে বাস্তৱবাদী চেতনাৰে বিজ্ঞান মনস্কতাৰে তেঁও লিখা লেখাবোৰ আছিল সদায় সমাজৰ পক্ষত।

দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰা অনন্ত কলিতা আছিল এগৰাকী সু-অৰ্থনীতি বিশ্লেষক। অসমৰ প্ৰায়বোৰ কাকততে আৰ্থ সামাজিক, ৰাজনীতিক বিষয়ক তেখেতৰ মূল্যৱান লেখাবোৰ প্ৰকাশ পাইছিল। প্ৰগতিশীল চিন্তাৰে অসমৰ অগ্ৰণী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰো আছিল অন্যতন প্ৰতিষ্ঠাপক। তেওঁ আছিল ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এগৰাকী সঞ্চালক।

কেইবাখনো গ্ৰন্থ ৰচনা কৰা অনন্ত কলিতাৰ তিনিখন গ্ৰন্থ অলপতে প্ৰকাশ পাইছে। সেইকেইখন আছিল- নব্য উদাৰ অৰ্থনীতি, বিকল্প অন্বেষণ, বিশ্বায়িত সমাজখনৰ ভিন্ন চিন্তা আৰু অসম আৰু অসমৰ জাতীয় সমস্যা। ১৯৭২ চনত ষ্টেট বেংক অৱ ইণ্ডিয়াত যোগদান কৰিছিল তেওঁ। ষ্টেট বেংক অৱ ইণ্ডিয়াত সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় বৰ্ডৰ সঞ্চালক পদত অধিষ্ঠিত হোৱা তেওঁ আছিল প্ৰথমজন উত্তৰ পূবৰ বিষয়া।

২০০৮ চনৰ ৩১ মে’ত এই পদৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। ১৯৪৭ চনৰ ৩০ জুলাইত নলবাৰীৰ কমাৰকুছিত জন্ম হৈছিল কলিতা। ১৯৬৫ চনত কমাৰকুছি হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেওঁ। তাৰ পাছত গুৱাহাটীত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল কলিতাই। অসমীয়াৰ জাতিসত্বাৰ বাবে নিৰন্তৰ কলম চলাই গৈছিল তেওঁ। তেওঁ বিজ্ঞানসন্মত বিশ্লেষণ লেখাবোৰ মনকৰিবলগীয়া। ভাষা আন্দোলনৰ সময়তো তেঁও যথেষ্টসংখ্যক লেখা-মেলা কৰিছিল।

বাজেটৰ ওপৰত তেওঁৰ আছিল বিশেষ দখল। ধৰ্মীয় মৌলবাদ,শাসক পক্ষৰ দুৰ্নীতি বিশ্বায়নৰ প্ৰভাৱ আদি  সন্দৰ্ভত তেওঁ যথেষ্টসংখ্যক নিবন্ধ লিখিছিল। বিজ্ঞান, প্ৰযুক্তি আৰু মানবতাৰ পক্ষত তেওঁ আপোচ কৰা নাছিল। উত্তৰ আধুনিকতাৰ প্ৰভাৱ আমাৰ সমাজত কেনেদৰে পৰিছে, সেয়া তেওঁ সুক্ষ্মভাৱে বিশ্লেষণ কৰিছিল। এইগৰাকী বিশিষ্ট চিন্তাবিদ, অৰ্থনীতিবিদ, সু নিবন্ধকাৰৰ মৃত্যু অসমীয়া জাতি আৰু সমাজৰ বাবে এক বিৰল ক্ষতি।