অসম

জখলাবন্ধা আৰক্ষী থানাত জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰ দাখিল...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্য কঁপোৱা জোনমণি ৰাভাৰ মৃত্যুয়ে ইটোৰ পিছত সিটো ৰহস্যৰ সৃষ্টি কৰিছে। নগাঁ‌ৱৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ইয়াৰ মাজতে শুকুৰবাৰে জোনমণি ৰাভাৰ মাতৃ তথা পৰিয়ালৰলোক উপস্থিত হয় জখলাবন্ধা আৰক্ষী থানাত। আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ তৰহৰ পৰা দাখিল কৰে এজাহাৰ।

জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰে এজাহাৰখন। এজাহাৰখনত জোনমণি ৰাভাৰ মাতৃয়ে স্পষ্টভাৱে উল্লেখ কৰে যে, জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত পোনতে আৰক্ষীয়ে কোনো ধৰণৰ কথা অৱগত কৰা নাছিল। তদুপৰি নিশা নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদিপ প্ৰতিম কুম্বাং সহ অহা মুঠ ৫ জনীয়া আৰক্ষী দলে তেওঁৰ অনুমতিৰ অবিহনে জোনমণি ৰাভাৰ চৰকাৰী বাসগৃহত তালাচী চলাই প্ৰায় চাৰি লাখৰো অধিক টকা জব্দ কৰি নিয়ে বুলি এজাহাৰত উল্লেখ কৰে।

আনহাতে উক্ত দিনাই জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাৰ পৰা আৰক্ষীৰ দলটোয়ে উকা কাগজত টিপচহী নিয়াৰ কথাও এজাহাৰত উল্লেখ কৰে। ইয়াৰোপৰি দুৰ্ঘটনাৰ দিনা পুৱাই ৰাজা নামৰ এজন আৰক্ষী কৰ্মচাৰীয়ে মাতৃৰ পৰা উকা কাগজত চহী নিয়াৰ কথাও এজাহাৰত অৱগত কৰে। মাতৃৰ অজ্ঞাতে আৰক্ষীয়ে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা বুলি উল্লেখ কৰি জোনমণি ৰাভাৰ দুটা মোবাইলৰ এটা মোবাইল বৰ্তমানেও নোপোৱাৰ কথা স্পষ্ট কৈ উল্লেখ কৰিছে।

ঘটনাৰ সন্দৰ্ভত অন্তেষ্টিক্ৰিয়াৰ বাবে এজাহাৰ দাখিল কৰাত পলম হ'ল বুলি উল্লেখ কৰি মাতৃয়ে এক নিৰপেক্ষ তদন্তৰ আশা কৰি দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনায়।