অসম

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত গধুৰ দায়িত্ব পালন কৰিছে এগৰাকী অসম সন্তানে

Asomiya Pratidin

ডিজিটেল ডেস্ক : বছৰ শেষত অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আহিছে এক ভাল খবৰ। যি খবৰ লাভ কৰি আনন্দিত হৈ পৰিছে ক্ৰীড়াক্ষেত্ৰৰ লগতে অসমবাসী। পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ গধুৰ দায়িত্ব লাভ কৰিছে এগৰাকী অসম সন্তানে।

প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মেচ ৰেফাৰীৰ দায়িত্ব পালন কৰিব এগৰাকী অসম সন্তানে। তেওঁ হৈছে- ৰজনী বাছনিট। চলিত ভাৰত-অষ্ট্ৰেলিয়াৰ (মহিলা দল) খেলত মেচ ৰেফাৰীৰ দায়িত্ব দিয়া হৈছে বাছনিটক। বৃহস্পতিবাৰে উভয় দলে মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত খেলিছে তিনিখনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক মেচ। এই মেচখনতে মেচ ৰেফাৰীৰূপে দায়িত্ব পালন কৰি আছে অসম সন্তানগৰাকীয়ে।

উল্লেখযোগ্য যে ৰজনী বাছনিট হৈছে আন্তঃৰাষ্ট্ৰীয় পিটছ কিউৰেটৰ মুকুট কলিতাৰ পত্নী। স্বাভাৱিকতে তেওঁৰ এই সফলতাই বছৰটোৰ শেষ ক্ষণত অসমৰ বাবে আনন্দৰ বন্যা বোৱাই আনিছে।