অসম

গেজিং ৰিজাৰ্ভৰ গৰাখহনীয়া এলেকাৰ হস্তী কৰিডৰত 'অমিত সৰোবৰ' আঁচনি

Asomiya Pratidin

ডিজিটেল সংবাদ, যমুনামুখ: যমুনামুখৰ পটিয়াপামৰ গেজিং ৰিজাৰ্ভৰ হস্তী কৰিডৰত অমৃত সৰোবৰৰ বৃহৎ পুখুৰী নিৰ্মাণ কাৰ্য চলোৱা হৈছে। ইয়াক কেন্দ্ৰ কৰি এলেকাটোৰ সচেতন ৰাইজৰ মাজত হুৱাদুৱা লাগিছে ।

একাংশ অসাধু ৰাজনৈতিক নেতাই নিজৰ ৰাজনৈতিক শক্তিৰ বলত অমৃত সৰোবৰ আঁচনিৰ পাঁচটাকৈ বৃহৎ পুখুৰী (এটা পুখুৰী৪০ বিঘা মাটি ) নিৰ্মাণ কৰিবলৈ বিচাৰিছে । গাঁৱৰ ৰাইজে এই বিষয়টো পূৰ্বৰপৰাই বিৰোধিতা কৰি আহিছে যদিও ক্ষমতা আৰু টকাৰ বলত লগতে চৰকাৰী আঁচনি সমূহৰ পৰা বঞ্চিত কৰিব বুলি ভাবুকি প্ৰদান কৰি অসাধু নেতাসকলে গাওঁবাসীৰ মুখ বন্ধ কৰিছে ।

জিলাখনৰ উপায়ুক্ত,বনবিষয়া , খণ্ড উন্নয়ন বিষয়া , চক্ৰবিষয়া , আৰক্ষী বিষয়া সকলোৱে বিষয়টোৰ সন্দৰ্ভত ক্ষমতাৰ ওচৰত আত্মসমৰ্পণ কৰি সচেতন ৰাইজৰ পৰা পলাই ফুৰিছে ।

এতিয়া সেই অসাধু ব্যক্তিসকলে ক্ষমতা আৰু টকাৰ বলত পুনৰ হস্তী কৰিডৰত অমৃত সৰোবৰৰ পুখুৰী নিৰ্মাণৰ অনুমতি লৈ বৃহৎ বৃহৎ পুখুৰী খান্দি আছে ।

যদিহে এই পুখুৰী নিৰ্মাণ হয় তেন্তে হাতী আহি থাকিবলৈ ঠাই বিচাৰি নাপালে গাঁৱত সোমাই ৰাইজৰ ঘৰ-দোৱাৰ ভাঙি শেষ কৰাৰ লগতে গাঁওবাসীৰ প্ৰাণৰ প্ৰতিও ভাবুকি আহিব বুলি ৰাইজৰ লগতে বন বিষয়াই কয় ।

উল্লেখ কৰিবলগীয়া বিষয় যে - পূৰ্বতে এই ঠাইত বহুলোকক হাতীয়ে হত্যা কৰিছে ।

আজি কেইদিনমানৰ আগতে উক্ত স্থানত এগৰাকী কিশোৰীক গচকি হত্যা কৰা ঘটনাই সমগ্ৰ অসমতে শোকৰ ছাঁয়ে বিৰাজ কৰিছিল ।

গতিকে একাংশ অসাধু ৰাজনৈতিক নেতাৰ ব্যক্তিগত মুনাফাৰ বাবে পটিয়াপামৰ লোকসকলে ভয়ংকৰ বিপদৰ সন্মুখীন যে হ'ব সেইটো চিৰন্তন সত্য ।

আৰু পঢ়ক: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত  আটাছু, টাইপা, আহোম সেনা আৰু টাই সাহিত্য সভাৰ প্ৰতিক্ৰিয়া