অসম

শক্তিপীঠত অগনন ভক্তৰ বাবে আছে সকলো সুবিধাঃ নাই ধ্যান, আধ্যাত্মিক আলোচনাৰ পৰিৱেশ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শক্তিপীঠ কামাখ্যাৰ ঐতিহ্যপূৰ্ণ অম্বুবাচী উপলক্ষে বৃহস্পতিবাৰৰ পৰাই দেশী-বিদেশী পৰ্যটক, সাধু-সন্যাসীৰে ভৰি পৰিছে মা কামাখ্যা ধাম । দেশৰ লগতে বিদেশৰ পৰাও আহি থিতাপি লৈছেহি সাধু ভক্তসকলে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰো সমাবেশ ঘটা অম্বুবাচী মেলাত শুকুৰবাৰে লক্ষাধিক লোকৰ সমাবেশ ঘটে । কামাখ্যা ধামৰ দলৈ সমাজৰ মতে, অম্বুবাচীৰ নিবৃতি অৰ্থাৎ সোমবাৰলৈকে এই সংখ্যা ১৫ ৰ পৰা ২০ লাখ হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখযোগ্য যে অম্বুবাচীৰ প্ৰবৃতি আৰম্ভ হয় বৃহস্পতিবাৰে নিশা প্ৰায় ২বাজি ৩০ মিনিটত। ইয়াৰ পূৰ্বে সকলো ধৰণৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হয় কামাখ্যা মন্দিৰৰ দুৱাৰ । কেৱল মা কামাখ্যা মন্দিৰৰ দুৱাৰেই নহয় সমগ্ৰ দেশৰে মন্দিৰ, নামঘৰ আদিৰ দুৱাৰ অম্বুবাচীৰ সময়ছোৱাত বন্ধ থাকে ।

প্ৰতিদিনে লাখে লাখে ভক্তই ভিৰ কৰিলেও কামাখ্যা মন্দিৰৰ বহিঃ ভাগতে থাকি তেওঁলোকে শক্তিৰ অধিষ্ঠাত্ৰীগৰাকীক সেৱা-অৰ্চনা কৰে । ইয়াৰ মাজতে ভক্ত সন্যাসীসকলৰ ধ্যান-যোগ, তপ-জপ তথা অন্যান্য প্ৰাৰ্থনাৰ সমান্তৰালভাৱে সাধক ভক্তসকলে বিভিন্ন প্ৰকাৰে সাধনাৰ শক্তিও প্ৰদৰ্শন কৰে ।

ইফালে অগনন লোকৰ সমাগম ঘটা এই অম্বুবাচী মেলাক লৈ ৰাজ্য চৰকাৰ, প্ৰশাসন, কামাখ্যা ধাম পৰিচালনা সমিতি আদি সকলো এসপ্তাহৰ আগৰ পৰাই তৎপৰ হৈ পৰিছে । সাধু, সন্ত তথা দৰ্শনাৰ্থীৰ সুবিধাৰ্থে মন্দিৰ পৰিচালনা সমিতিৰ ৫০০ৰো অধিক কৰ্মচাৰী আৰু আন ৫০০ স্বেচ্ছাসেৱক নিয়োজিত হৈ আছে । তদুপৰি আছে এন চি চিৰ প্ৰশিক্ষণপ্ৰাপ্ত যুৱ বাহিনী, গৃহৰক্ষী, অসম আৰক্ষীৰ জোৱান আদি নিয়োজিত হৈ আছে। লগতে খোজ কাঢ়ি যোৱা ভক্তৰ বাবে ঠায়ে ঠায়ে পানী, শীতল পানীয়ৰো যোগান ধৰা হৈছে ।

আনহাতে প্ৰশাসনীয় তদাৰককাৰী বিষয়াসকলে জানিবলৈ দিয়া মতে প্ৰতিদিনে তিনিটাকৈ ভাগত মুঠ ৩ হাজাৰ আৰক্ষীৰ বিষয়া-কৰ্মীয়ে নিৰাপত্তাৰ দিশৰ উপৰিও আইন-শৃংখলা বৰ্তাই ৰাখিবৰ বাবে দিনে-নিশাই কৰ্তব্যত নিয়োজিত হৈ আছে । তদুপৰি নিৰাপত্তাৰ দিশটোৰ প্ৰতি সচেতন হৈ মন্দিৰৰ বিভিন্ন প্ৰান্তত চি চি টিভিৰ জৰিয়তে সমগ্ৰ পৰিৱেশ নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

তাৰোপৰি, ভক্তৰ বাবে মুঠ ৯ টাকৈ স্বাস্থ্য সেৱা শিবিৰ অস্থায়ীভাৱে স্থাপন কৰা হৈছে । মন্দিৰৰ ওপৰত ৫ টা আৰু একেবাৰে তলৰ ভাগত ৩টাকৈ স্বাস্থ্য সেৱাৰ শিবিৰৰ ব্যৱস্থা কৰা হৈছে । এই স্বাস্থ্যসেৱাত প্ৰতিদিনে ১৮০ গৰাকীকৈ ডাক্তৰ, নাৰ্চ, স্বাস্থ্য কৰ্মীয়ে সেৱা আগবঢ়াইছে ।

এই সকলো সা-সুবিধা নিয়াৰিকৈ পৰিচালিত হোৱাৰ পিচতো কামাখ্যা ধামলৈ অম্বুবাচী উপলক্ষে অহা এচাম ভক্তই আক্ষেপ কৰে যে, অম্বুবাচীত কামাখ্যা দৰ্শনৰ বাবে অহা সকলো দৰ্শনাৰ্থী সাধু সন্যাসী নহয় । কিন্তু যিসকল প্ৰকৃত সাধু সন্যাসী ইয়ালৈ আহে অথবা মা কামাখ্যাৰ মাহাত্ম অম্বুবাচীৰ বিশেষত্ব আদিৰ বিষয়ে জ্ঞান আহৰণৰ বাবে আধ্যাত্মিক চৰ্চাৰ বিশেষ কোনো অনুষ্ঠান অথবা সুবিধা তেওঁলোকে নাপায় । এইসকলৰ মতে কেৱল মেলামুখী এনে পৰিৱেশে আধ্যাত্মিক ভাৱনাক সমৃদ্ধ কৰিব নোৱাৰে ।

এইসকলৰ মাজৰে কোনো কোনোৱে অসমীয়া প্ৰতিদিন ডিজিটেলৰ আগত নিজৰ অভিমত ব্যক্ত কৰি কয়- চৰকাৰ প্ৰশাসনে সকলো সা-সুবিধা কৰি দিছে যদিও ভক্তসকলৰ ধ্যানৰ বাবে নিৰিবিলি আৰু নিৰ্দিষ্ট স্থান তথা আধ্যাত্মিক চৰ্চাৰ বাবে বিশেষ স্থান আৰু অনুষ্ঠানৰ ব্যৱস্থা কৰাটো অতিকে দৰকাৰ ।