অসম

ঢকুৱাখনাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুৰ্নীতিৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুৰ্নীতিৰ অভিযোগ একাংশ সচেতন নাগৰিকৰ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা নামৰ আঁচনিখন ঢকুৱাখনা মহকুমাত প্ৰকৃতাৰ্থত ভালুকৰ সাঙিলৈ পতিত হৈছে বুলি উল্লেখ কৰে একাংশ সচেতন ৰাইজে।

জানিব পৰা মতে একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধি,কৰ্মচাৰীৰ কৰাল গ্ৰাসত পৰি ঘিলামৰা আৰু ঢকুৱাখনা দুয়োটা উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰিষ্ঠ সংখ্যক পঞ্চায়তত প্ৰকৃত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ গৃহহীন পৰিয়ালৰ পৰিবৰ্তে একাংশ বিত্তৱান,বিভাগীয় নীতি নিৰ্দেশনাৰ আওতাত নপৰা পকীঘৰ বিশিষ্ট পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনি প্ৰদান কৰাৰ অভিযোগ মহকুমাটোৰ  প্ৰতিগৰাকী উন্নয়নকামীৰ মুখে মুখে।

শেহতীয়াভাবে ঢকুৱাখনা উন্নয়ন খণ্ডৰ গন্ধিয়া পঞ্চায়তত এনে ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। পঞ্চায়তখনৰ সভানেত্ৰী গীতাঞ্জলি বৰুৱা,জি আৰ এছ অৰূপজ্যোতি দত্ত ,জি পি চি তানুজ দলে আদিৰ সহযোগত প্ৰকৃত দৰিদ্ৰ পৰিয়ালক বঞ্চিত কৰি  অযোগ্য ব্যক্তিক স্বজন তোষণৰ ভিত্তিত এনে চৰকাৰী আঁচনি প্ৰদানৰ অভিযোগ উথাপন কৰিছে প্ৰাপ্যৰ পৰা বঞ্চিত একাংশই ।

পঞ্চায়তখনৰ একাংশ প্ৰাপ্য বঞ্চিতই বৃহস্পতিবাৰে অভিযোগ কৰা মতে সভানেত্ৰী বৰুৱাৰ নেতৃত্বত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী পুঁজি অপচয় ,লুণ্ঠন আৰু স্বজন তোষণৰ এখন নিকৃষ্ট বজাৰ দীৰ্ঘ দিন ধৰি চলি আছে । চলিত সময়ত পঞ্চায়তখনত এই আঁচনিৰ হিতাধিকাৰীৰ তালিকাত একে পৰিয়ালৰে ৪ গৰাকীকৈ ব্যক্তিৰ নাম , স্থায়ী বাসিন্দা নোহোৱা স্বত্তেও  নিজস্ব মাটি নথকা স্বত্তেও  আনৰ ঘৰত আশ্ৰিত ব্যক্তিক হিতাধিকাৰী সজাই আঁচনি আৱন্তন,পকীঘৰ থকা ধনী ব্যক্তিক অগ্ৰাধিকাৰ দি এই আঁচনি  প্ৰদান কৰাৰ বিপৰীতে প্ৰকৃত দৰিদ্ৰ , শ্ৰমজীৱী পৰিয়ালক বঞ্চিত কৰি অহাৰ অভিযোগে এতিয়া তোলপাৰ লগাইছে পঞ্চায়তখনত ।

তাৰোপৰি একাংশ অতি দৰিদ্ৰ পৰিয়ালক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি ভুৱা আই দি প্ৰদান কৰি পঞ্জীয়নৰ নামত ২ হাজাৰৰ পৰা ২৫ শ টকা পৰ্যন্ত লোৱাৰ ভয়াৱহ অনিয়মৰ তথ্য পোহৰলৈ আহিছে ভুক্তভোগীৰ জৰিয়তে। বৃহস্পতিবাৰে একাংশ ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰা মতে কেৱল সভানেত্ৰী বৰুৱাৰ নিকট আত্মীয় হোৱাৰ যোগ্যতাৰে একেটা পৰিয়ালৰ ৪ গৰাকী ব্যক্তিক এই আঁচনি প্ৰদান কৰাৰ লগতে স্থানীয় বাসিন্দা নোহোৱা স্বত্তেও কৃষ্ণ বিশ্বাস (আই ডি- এ এছ ২৪৫০৭৭০) নামৰ পঞ্চায়ত এলেকাত স্থায়ী  ঠিকনা বিহীন ব্যক্তিক এই আঁচনি প্ৰদান কৰা হৈছে নীতি বৰ্হিভূতভাবে । 

জনপ্ৰতিনিধিত্বৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি সভানেত্ৰী গৰাকীয়ে একাংশ মধ্যভোগীৰ জৰিয়তে অন্য এখন প্ৰতাৰণাৰ বেহা চলোৱা বুলিও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে বহুজনে । অভিযোগ মতে পঞ্চায়তখনৰ বলীন শইকীয়া , বিপুল শইকীয়া, অচ্যুত শইকীয়া আদি বহু কেইগৰাকী দৰিদ্ৰক আঁচনিৰ ঘৰ অহা বুলি অৱগত কৰি পঞ্জীয়নৰ বাবে প্ৰতি পৰিয়ালৰ পৰা  প্ৰথম কিস্তিত ৫০০ টকা আৰু দ্বিতীয় কিস্তিত ১,৫০০ টকা সহ মুঠ ২হাজাৰ টকা কুক্ষীগত কৰিলে আৰু চুক্তি পৰ্যন্ত সম্পন্ন কৰিলে ।

কিন্তু বাস্তৱিকতে চৰকাৰী ঘৰৰ আৰ্থিক অনুদানৰ ফুটা কড়ি এটাও দৰিদ্ৰজনৰ একাউন্টত নোসোমাল । পৰৱৰ্তী সময়ত এইসকল জৰাজীৰ্ণ ঘৰৰ মুৰব্বীয়ে নিজৰ আই ডি পৰীক্ষা কৰাত পোহৰলৈ আহে যে সভানেত্ৰী পক্ষৰ তৰফৰ পৰা প্রদান কৰা উক্ত আই ডি ভুৱা ।

এইবোৰ  আই ডি নম্বৰ পঞ্জীকৃত নহয় । এনেকৈ ভুৱা আই ডি প্ৰদান কৰিও এক নিৰ্লজ লুণ্ঠনৰ বেহা চলি অহা বুলি ৰাজহুৱা লিখিত অভিযোগত প্ৰকাশ । এনে ব্যাপক বিসংগতি সন্দৰ্ভত ন্যায় কামী ৰাইজে ঢকুৱাখনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তক যোৱা ২৭জানুৱাৰীত , লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত সত্বাৱনক ২০ ফেব্ৰুৱাৰীত, ঘিলামৰা আৰক্ষী থানাত যোৱা ২১,ফেব্ৰুৱাৰী আৰু ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাক ২২ ফেব্ৰুৱাৰীত লিখিত অভিযোগ দাখিল কৰিছিল ।

কিন্তু দুৰ্নীতি ভ্ৰূষ্টাচাৰৰ ৰক্ষক খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে এই ক্ষেত্ৰত কোনো বিধিগত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি জনা গ'ল। অৱশ্যে উপায়ুক্ত আৰু মহকুমাধিপতিৰ হস্তক্ষেপত শেহতীয়া ভাবে এইগৰাকী মৰ টোপনি মৰা বিষয়াৰ গা লৰিছে । 

ভুক্তভোগী প্ৰাপ্য বঞ্চিতৰ অভিযোগ- সভানেত্ৰী বৰুৱাৰ মইমতালি আৰু ইচ্ছাই আইন সজোৱা দাম্ভিক নীতিৰ বাবে এই জনমুখী আঁচনিখন পথভ্ৰূষ্ট হৈছে পঞ্চায়ত খনত । অব্যাহত আছে দৰিদ্ৰক লুটি পুতি খোৱাৰ ঘৃন্য চক্ৰান্ত ।

ইয়াৰোপৰি পঞ্চায়তৰে এজন সুবিধভোগী কৰ্মচাৰীয়েও গন্ধিয়া তিনিআলিত এখন হাৰ্ডৱেৰ দোকান খুলি এনে গৃহ আৱন্তন পোৱা হিতাধিকাৰী সকলক তেঁওৰ প্ৰতিষ্ঠানৰ পৰা গৃহ নিৰ্মাণৰ সামগ্ৰী ক্ৰয়ৰ ছিণ্ডিকেট পাতি মুনাফা অর্জনত নামি পৰিছে । চৰকাৰী আঁচনিৰ নামত সৰ্বত্ৰ লুণ্ঠনৰ বেহাই চানি ধৰা এই অশুভ পৰম্পৰাত নাকী লগাবলৈ উন্নয়নকামী ৰাইজে যিমানেই তৎপৰ নহওঁক শীর্ষ বিভাগীয় বিষয়াৰ আপোচকামী স্থিতি আৰু তদন্তকাৰী বিষয়াৰ  পক্ষপাতী ভূমিকাই এনেবোৰ ৰাজহুৱা সমস্যাক সাৰ পানী যোগাই অহাৰে ঢকুৱাখনাত দ্ৰষ্টান্ত অধিক ।