অসম

প্ৰৱল বৰষুণৰ আশংকাত বৃহস্পতিবাৰে বন্ধ ঘোষণা চৰকাৰী-বেচৰাকাৰী শিক্ষানুষ্ঠান…

asomiyapratidin

ডিজিটেল সংবাদ নলবাৰী: ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তৰফৰপৰা ১৬ জুনত গুৱাহাটীৰ লগতে নলবাৰী জিলাতো প্ৰৱল বৃষ্টিপাত হোৱাৰ পূৰ্বানুমানৰ প্ৰতি লক্ষ্য ৰাখি ১৫ জুনত নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি ১৬ জুনত নলবাৰী জিলাৰ চৰকাৰী–বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব।

অৱশ্যে উক্ত দিনা ইতিমধ্যে কোনো পৰীক্ষা প্ৰক্ৰিয়া চলোৱাৰ বাবে সাজু হৈ উঠা শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব। জিলাখনৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষক এই নিৰ্দেশনা মানি চলি প্ৰতিকূল বতৰৰ মাজত জিলাখনৰ শিক্ষাৰ্থীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাত সহযোগ কৰিবলৈ উপায়ুক্তই আহ্বান জনাইছে।