akhil gogoi
akhil gogoi 
অসম

১০-১৫ বছৰৰ ভিতৰত গুৱাহাটীৰ অভাৰব্ৰীজ এফালৰ পৰা ভাঙিব লাগিবঃ অখিল গগৈ

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙা: ভয়াৱহ হাৰত গুৱাহাটীত বৃদ্ধি পাইছে বায়ু প্রদূষণ। বায়ুমণ্ডলৰ ভাৰসাম্য ক্রমাৎ হ্রাস পোৱাত গুৱাহাটীত বাঢ়িছে বিভিন্ন ৰোগত আক্রান্তৰ সংখ্যা। প্রতিদিনেই বৃদ্ধি পাইছে বায়ুমান সূচাংক। অতিক্রম কৰিছে সূচাংকৰ সীমা ৷

গুৱাহাটীত সুস্থ ৰূপত জীয়াই থকাটো পৰিৱেশৰ বাবে অসম্ভৱ হৈ পৰিছে বুলি মত প্ৰকাশ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ লগতে তেও কয় যে গুৱাহাটী সম্পুৰ্ণ ৰূপে অস্বাস্থ্যকৰ ঠাইলৈ পৰিণত হৈছে ৷নলাৰ পৰা উলিয়াই ঠায়ে ঠায়ে গোটাই থোৱা বোকাই চূড়ান্তৰূপে পৰিৱেশ বিনষ্ট কৰিছে ৷জাৱৰ নিস্কাষণৰ নাই উপযুক্ত ব্যৱস্থা,নাই ভৰলু পৰিস্কাৰ কৰাৰ ব্যৱস্থা ৷

হিমন্ত বিশ্ব শৰ্মাই কমিচন খোৱাৰ বুদ্ধিত অভাৰব্ৰীজ নিৰ্মাণ কৰিছে ৷কমিছনৰ অংকত নিজৰ ঠিকাদাৰক যধে মধে কাম দি প্ৰদুষিত কৰিছে গুৱাহাটীৰ পৰিৱেশ ৷১০ ৰ পৰা ১৫ বছৰৰ ভিতৰত গুৱাহাটীৰ অভাৰব্ৰীজ এফালৰ পৰা ভাঙিব লাগিৱ ৷চৰকাৰে গুৱাহাটীৰ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সম্পুৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ বিধায়ক অখিল গগৈৰ ৷

আৰু পঢ়ক: বাল্য বিবাহৰ বলি হোৱা কিশোৰীক দিয়া হ'ব পুনৰ সংস্থাপন