অসম

তিনিচুকীয়াৰ কয়লা ক্ষেত্ৰত পৰ্বেক্ষণৰ অনুমতি বিচাৰি আবেদন জাতীয় পৰিষদৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ কয়লা ক্ষেত্ৰসমূহ ভ্ৰমণৰ অনুমতি বিচাৰি জিলা উপায়ুক্ত আৰু মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ ওচৰত আবেদন দাখিল কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত এশজনীয়া এটা গোটে সংবাদ মাধ্যমৰ প্ৰতিনিধিক লগত লৈ বনাঞ্চলত প্ৰৱেশ কৰাৰ আৱেদন দাখিল কৰিছে। টিপং সংৰক্ষিত বনাঞ্চল, টিৰাপ সংৰক্ষিত বনাঞ্চল আৰু লেখাপানী সংৰক্ষিত বনাঞ্চল ভ্ৰমণ কৰি উক্ত বনাঞ্চলসমূহত ৰেট-হোল মাইনিঙৰ জৰিয়তে কয়লা খনন কিমান ভয়ংকৰ পৰিমাণে হৈ আছে, সেয়া চৰজমিন পৰ্যবেক্ষণ কৰি জনমত গঠনৰ লগতে চৰকাৰক সেই স্থানসমূহ দেখুৱাই দিয়াৰ উদ্দেশ্যে উক্ত বনাঞ্চলত প্ৰৱেশৰ ইচ্ছা ব্যক্তি কৰি উক্ত আৱেদন দাখিল কৰিছে৷

মঙলবাৰে দলৰ উপসভাপতি ইজৰাইল নন্দ, তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা চন্দ্ৰকান্ত দত্ত তথা সাধাৰণ সম্পাদকদ্বয় ৰাজীৱ দত্ত আৰু ডম্বৰু সোণোৱালৰ দ্বাৰা স্বাক্ষৰিত আৱেদন তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰা হয় ৷ আনহাতে দলৰ কেন্দ্ৰীয় সম্পাদক সঞ্জয় দেবে স্বাক্ষৰ কৰা অনুৰূপ আন এখন আৱেদন মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত দাখিল কৰা হয়৷

উল্লেখযোগ্য যে মাৰ্ঘেৰিটাৰ মহকুমাধিপতিয়ে অলপতে উক্ত তিনিওখন সংৰক্ষিত বনাঞ্চলত ১৪৪ ধাৰা জাৰি কৰি কোনো বেচৰকাৰী ব্যক্তিৰে বনাঞ্চলৰ অভ্যন্তৰত অনাধিকাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৷ সেই কাৰণে জাতীয় পৰিষদৰ বৃহৎ দল এটা বনাঞ্চলৰ অভ্যন্তৰত প্ৰৱেশৰ বাবে প্ৰশাসনৰ আগতীয়া অনুমতিৰ প্ৰয়োজন হৈছে৷

দলৰ উপসভাপতি ইজৰাইল নন্দ আৰু সম্পাদক সঞ্জয় দেবে আজি সংবাদ মাধ্যমৰ আগত কয় যে যিহেতু উল্লিখিত বনাঞ্চল আৰু তাৰ দাঁতি কাষৰীয়া অঞ্চলত অবৈধ খনন অব্যাহত আছে অথচ চৰকাৰ-প্ৰশাসনে সেয়া বন্ধ কৰিব পৰা নাই, সেয়ে প্ৰকৃত অৱস্থা পৰ্যবেক্ষণেৰে জনমত গঠন আৰু নিৰ্দিষ্ট স্থানসমূহ চৰকাৰ-প্ৰশাসনক দেখুৱাই দিবলৈ সেই ঠাই ভ্ৰমণৰ সিদ্ধান্ত লৈছে জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত বা অনুমতি পোৱাৰ লগে লগে জাতীয় পৰিষদৰ বৃহৎ দল এটাই উক্ত স্থানসমূহ ভ্ৰমণ কৰিব বুলি নন্দ আৰু দেবে প্ৰকাশ কৰে৷

আৰু পঢ়ক: বজ্র পৰি আহত ৩ শ্রমিক