অসম

আজি পবিতৰালৈ সপৰিয়ালে যোৱাৰ সম্ভাৱণা দোভালৰ

asomiyapratidin

ডিজিটেল সংবাদ, মায়ং: সপৰিয়ালে গুৱাহাটীলৈ অহা ৰাষ্ট্ৰীয নিৰাপত্তা উপদেষ্টা অজিত দোভাল যাব আজি পবিতৰালৈ। মঙলবাৰে সন্ধিয়া আহি উপস্থিত হৈছিল গুৱাহাটীত। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আদৰণি জনোৱাৰ পাছত কইনা ধৰাৰ ৰাজ্যিক অতিথিশালাত আছিল দোভাল।

বুধবাৰে ব্ৰহ্মপুত্ৰত নৌকা বিহাৰো কৰিছিল দোভাল আৰু তেওঁৰ পৰিয়ালে। দোভালৰ এই ভ্ৰমণ সন্দৰ্ভত কোনো কথা আনুষ্ঠানিকভাৱে সদৰি কৰা নাই । দোভালৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰাতো কটকটীয়া নিৰাপত্তা কৰা হৈছে।

 বৃহস্পতিবাৰৰ আৱেলি পবিতৰা আহিব বুলি এক বিশেষ সূত্ৰই সদৰি কৰিছে। দোভালৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সজাই পৰাই তোলা হৈছে প্ৰশান্তি লজ।