অসম

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰাক বিৰোধীতা কৰি নিলম্বন শিক্ষকঃ প্ৰতিক্ৰিয়া প্ৰকাশ AISECৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জনবিৰোধী খচৰাৰ বিৰোধীতা কৰাৰ অজুহাতত ভবানীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মুকুন্দ শৰ্মাক নিলম্বন কৰা গণতন্ত্ৰ বিৰোধী স্বৈৰাচাৰী সিদ্ধান্তক তীব্ৰ গৰিহণা জনাই অল ইণ্ডিয়া ছেভ এডুকেচন কমিটি(AISEC)ৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি অধ্যাপক ত্ৰিদীব গগৈ আৰু সম্পাদক অধ্যাপক প্ৰদীপ মহাপাত্ৰই। এক বিবৃতি যোগে কয় যে, "জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত গণতান্ত্ৰিক দেশ এখনৰ চৰকাৰে গ্ৰহণ কৰা যিকোনো নীতি বা সিদ্ধান্ত ৰাইজ আৰু সমাজৰ বাবে ক্ষতিকাৰক বুলি অনুভৱ কৰিলে সেই সম্পৰ্কে নিজৰ অভিমত ব্যক্ত কৰা অথবা তাৰ বিৰোধীতা কৰিব পৰাটো গণতান্ত্ৰিক ব্যৱস্থাত মৌলিক অধিকাৰ হিচাপে স্বীকৃত বাক স্বাধীনতাৰ অন্তৰ্ভুক্ত।

দেশপ্ৰেমিক স্বাধীনতা সংগ্ৰামী দেশৰ ছাত্ৰ-যুৱ বীৰ-বীৰাঙ্গনা সকলৰ জীৱনৰ বিনিময়ত অৰ্জন কৰা স্বাধীনতা তথা গণতন্ত্ৰ জানো নৱপ্ৰজন্মক শিক্ষা আৰু জ্ঞান দানকাৰী শিক্ষকসকলৰ বাবে অহা নাই? ৰাজ্য চৰকাৰৰ চূড়ান্ত সাম্প্ৰদায়িক এজেণ্ডা পৰিপূৰণৰ নীলনক্সা বৰ্তমানৰ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰাই অহা দিনত অসমৰ ভৌগলিক অখণ্ডতাৰ ওপৰতেই ভাবুকি স্বৰূপ বুলি অনুধাৱন কৰা চিন্তাশীল ব্যক্তিসকলৰ এজন হিচাবে অধ্যক্ষ ড০ মুকুন্দ শৰ্মা এই খচৰাৰ বিৰোধীতা কৰাটো সচেতন নাগৰিক এজনৰ কৰ্তব্য ভিতৰত পৰে। তেনে কাৰ্যৰ বাবে ড০ শৰ্মাক তেওঁৰ চাকৰিৰ পৰা নিলম্বন কৰা কাৰ্যই বিজেপি পৰিচালিত ৰাজ্য চৰকাৰৰ স্বৈৰাচাৰী, ফেচীবাদী চৰিত্ৰকেই প্ৰতিফলিত কৰিছে।" বুলি মত প্ৰকাশ কৰে।

চৰকাৰৰ এই স্বৈৰাচাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি অবিলম্বে ড০ মুকুন্দ শৰ্মাৰ নিলম্বনৰ সিদ্ধান্ত তুলি লোৱাৰ বাবে দৃঢ় দাবী জনাই দুয়োজনে। লগতে ৰাজ্যৰ সকলো শুভবুদ্ধি সম্পন্ন সচেতন ব্যক্তিসকলক ৰাজ্য চৰকাৰৰ স্বৈৰাচাৰী চৰিত্ৰ সম্পৰ্কে সজাগ হৈ গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামত আগবাঢ়ি আহিবলৈ আহ্বান জনায়।