অসম

কাৰিকৰী শিক্ষাৰ উন্নয়ন, দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰ আৰু টাটা টেকন’লজি লিমিটেডৰ মাজত চুক্তি…

asomiyapratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ কাৰিকৰী শিক্ষাৰ উন্নয়ন, দক্ষতা বৃদ্ধি তথা উদ্যোগ ক্ষেত্ৰৰ শেহতীয়া জ্ঞানেৰে সমৃদ্ধ মানৱ সম্পদ গঢ়াৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰ আৰু টাটা টেকন'লজি লিমিটেডৰ মাজত জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত এখন চুক্তি স্বাক্ষৰিত হয়। অসমৰ চৰকাৰৰ হৈ দক্ষতা উন্নয়ন বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী আৰু টাটা টেকন'লজি লিমিটেডৰ পৰিচালন সঞ্চালক ৱাৰেন হেৰিছৰ মাজত এই চুক্তিখন সম্পাদিত হয়।

আজি সম্পাদিত এই চুক্তিৰ জৰিয়তে ৩৪ খন পলিটেকনিক আৰু ৪৩ খন ঔদ্যোগিক প্ৰশিক্ষণ প্রতিষ্ঠান (আই টি আই)ৰ উন্নয়ন সাধন কৰাৰ লগতে উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লোৱা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই আজিৰ দিনটো ৰাজ্যৰ ইতিহাসৰ আন এক উল্লেখনীয় দিন বুলি অভিহিত কৰে।

তেওঁ কয় যে, কালি এবছৰীয়া বর্ষপূর্তি পালন কৰাৰ সময়ত উন্নয়নৰ ধাৰা অব্যাহত ৰাখি বৰ্তমানৰ ৰাজ্য চৰকাৰখনে অসমৰ সামগ্রিক বিকাশৰ বাবে প্ৰতিটো পল আৰু প্ৰতিটো ক্ষণ উৎসৰ্গা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্রতিশ্রুতিমর্মেই শিক্ষাৰ গুণগত বিকাশৰ বাবে আজিৰে পৰা ৰাজ্যখনত গুণোৎসৱ আৰম্ভ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, টাটাৰ সৈতে ৰাজ্য চৰকাৰৰ সম্পাদিত চুক্তিৰ জৰিয়তে ৰাজ্যৰ পলিটেকনিক আৰু আইটিআই শিক্ষা খণ্ডত এক ৰূপান্তৰমুখী যাত্ৰা আৰম্ভ হ'ব।

মুখ্যমন্ত্ৰীয়ে কয় যে, টাটা টেকন'লিজৰ লগতে ইয়াৰ অন্যান্য কোম্পানীসমূহো এই যাত্রাপথৰ সঙ্গী হৈ পৰিব। ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰ আৰু টাটা টেকন'লজি লিমিটেডে যুটীয়াভাৱে কাম কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই প্ৰকল্পৰ বাবে টাটা টেকন'লজি লিমিটেডে ২,৩৯০ কোটি টকা বিনিয়োগ কৰিব আৰু ৰাজ্য চৰকাৰে প্ৰতিটো শৈক্ষিক অনুষ্ঠানত ১২ হাজাৰ বৰ্গফুটৰ গাঁথনি নিৰ্মাণ কৰি দিব। তদুপৰি ইয়াৰ বাবে ৰাজ্য চৰকাৰেও ৩৬৬ কোটিএই প্ৰকল্পৰ বাবে আগবঢ়াব। গাঁথনি নিৰ্মাণৰ লগতে নগদ ধন সহিতে ৰাজ্য চৰকাৰৰ প্ৰায় ৮০০ কোটি টকা এই প্রকল্পৰ বাবে ব্যয় হ'ব বুলিও তেওঁ সদৰি কৰে।

ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগ ক্ষেত্ৰৰ শেহতীয়া জ্ঞানৰ বাবে সাজু কৰি তোলাৰ বাবেই এই চুক্তি সম্পাদন কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই শিক্ষা সমাপ্তিৰ পিছত প্ৰতি বছৰে ১৫ হাজাৰৰ পৰা ২০ হাজাৰ যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিবলৈ সমর্থ হ'ব। এই প্রকল্পটোৰ প্ৰাৰম্ভিক প্রস্তুতিৰ দিশত টাটা টেকনলজিৰ সৈতে কিদৰে আলোচনা আৰু যোগাযোগ কৰা হৈছিল সেই বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, টাটাই প্ৰস্তুত কৰা আৰ্হিৰ আধাৰত লোকনির্মাণ বিভাগে পলিটেকনিক আৰু আইটিআইত গাঁথনি সমূহ নির্মাণ কৰিব। অহা বৰ্ষৰ ১০ মে'ৰ ভিতৰত এই প্রকল্পটি শুভাৰম্ভ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে বুলিও তেওঁ কয়।

ইয়াৰ বাবে মুখ্যমন্ত্রীয়ে উৎসর্গিত মনোভাৱেৰে কাম কৰিব পৰা এটা গোট গঠন কৰিবলৈ লোক নিৰ্মাণ বিভাগৰ আয়ুক্তক নির্দেশ দিয়ে। তদুপৰি মুখ্যমন্ত্রীয়ে দক্ষতা উন্নয়ন বিভাগৰ প্ৰধান সচিব গৰাকীৰ আই টি আই আৰু পলিটেকনিকসমূহৰ অধ্যক্ষসকলৰ সৈতেও বৈঠকত মিলিত হ'বলৈ নিৰ্দেশ দিয়ে যাতে গৃহ নিৰ্মাণৰ বাবে স্থান শীঘ্ৰে চূড়ান্ত কৰিব পৰা যায়।

যোৱা ২৮ এপ্ৰিলত টাটা ট্ৰাষ্টৰ সহযোগিতাৰে কৰ্কট চিকিৎসালয় প্রকল্প শুভাৰম্ভ কৰাৰ পিছত আজি এই চুক্তি স্বাক্ষৰৰ জৰিয়তে টাটাৰ সৈতে সহযোগিতাৰে কাম কৰাৰ দিশত আৰু এখোজ আগুৱাই যাবলৈ ৰাজ্য চৰকাৰ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে টাটা টেকন'লজি লিমিটেডৰ অধ্যক্ষ এছ ৰামাদৰায়ে অসমৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ বিকাশ সাধনৰ দিশত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, শেহতীয়া অসম ভ্ৰমণ কালত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোৱাৰ দৰে ৰাজ্যৰ যুৱচামে অসমৰ পৰিসীমাৰ ভিতৰতে নাথাকি সমগ্ৰ দেশৰ বহল ক্ষেত্ৰখনৰ দিশে দৃষ্টি ৰাখি আগবাঢ়ি যাব লাগিব। তেওঁ কয় যে, আমি আমাৰ মানসিকতাৰ পৰিৱৰ্তন সাধন কৰিব লাগিব। পুৰণি চিন্তা ধাৰা সামৰি নতুন প্ৰজন্মক এখন নতুন পৃথিৱীৰ চিনাকি কৰাই দিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে।

দক্ষতা উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত টাটা টেকন'লজি লিমিটেডৰ অধ্যক্ষ এছ ৰামদৰায়ে ভাষণ প্রদান কৰে। অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেণ্ড, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্ত প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া আৰু টাটা টেকন'লজিৰ লিমিটেডৰ বিষয়াসকল উপস্থিত থাকে।