আকৌ গুণোৎসৱঃ শিক্ষক-শিক্ষাৰ্থীৰ হাবাথুৰি !

আকৌ গুণোৎসৱঃ শিক্ষক-শিক্ষাৰ্থীৰ হাবাথুৰি !

তুষাৰ প্ৰতিম

আকৌ গুণোৎসৱ। বুধবাৰৰ পৰা ৰাজ্যৰ কেইবাখনো জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। এফালে কেইখনমান জিলাত গুণোৎসৱ আৰু আনফালে কেইবাখনো জিলাত শিক্ষক, শিক্ষয়ত্ৰীয়ে শ্ৰেণীকোঠা এৰি শিক্ষাৰ্থীৰ ঘৰলৈ আৰু গাঁৱলৈ যাত্ৰা আৰম্ভ কৰিছে।

কিন্তু কিয়? শিক্ষকসকলৰ এই শ্ৰেণীকোঠা এৰি গাওঁমুখী যাত্ৰাৰ কথা কোৱাৰ পূৰ্বে কৈলওঁ গুণোৎসৱ-২০২২ ৰ প্ৰথম পৰ্যায়ৰ প্ৰথম দিনটোৰ কথা। দুটা বছৰৰ পিছত পুনৰ বুধবাৰৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ-২০২২। কোভিড মহামাৰীৰ বাবে বিগত দুটা বছৰ ৰাজ্যত অনুষ্ঠিত হোৱা নাছিল গুণোৎসৱ।

বুধবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দৰং জিলাৰ ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ত গুণোৎসৱ ২০২২ৰ শুভাৰম্ভ কৰে। পুৱাৰ প্ৰাৰ্থনা সভাৰ পৰা আৰম্ভ হোৱা এই গুণোৎসৱৰ কাৰ্যসূচীত মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দেখা পোৱা গ'ল এক অন্য ৰূপত। মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে তেওঁক দেখা গ'ল শিক্ষকৰ ৰূপত।

ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষাৰ্থীক তেওঁ সুধি গ'ল এটাৰ পিছত আন এটা প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰে সঠিক উত্তৰ দিলে বিদ্যালয়খনৰ প্ৰায় আটাইবোৰ শিক্ষাৰ্থীয়ে। যিসকলে উত্তৰ দিব নোৱাৰিলে তেওঁলোকক সেই প্ৰশ্নৰ উত্তল লিখিল'বলৈও পৰামৰ্শ দিলে। শিক্ষকসকলকো তেওঁ দিলে কেইবাটাও পৰামৰ্শ।

কোভিডক সংক্ৰমণ হ্ৰাস পোৱাৰ পিছতে ৰাজ্যত শিক্ষানুষ্ঠানসমূহ পূৰ্বৰ দৰেই আৰম্ভ হোৱাত শিক্ষাবিভাগে মুঠ ৩ টা পৰ্যায়ত অনুষ্ঠিত কৰিছে গুণোৎসৱ-২০২২। প্ৰথম পৰ্যায়ত ১১ মে'ৰ পৰা গুণোৎসৱ ২০২২ অনুষ্ঠিত হৈছে বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, নগাঁও আৰু নলবাৰীত ।

দ্বিতীয় পৰ্যায়ত ২৩ মে'ৰ পৰা বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ,তিনিচুকীয়া, ওদালগুৰি, দক্ষিণ শালমৰা-মানকাচৰ জিলাত অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত ১ জুনৰ পৰা বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমাহাছাও, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ'ব গুণোৎসৱ।

কিন্তু এইবাৰৰ গুণোৎসৱ পূৰ্বৰ তুলনাত ব্যতিক্ৰম। এইবাৰ গুণোৎসৱৰ পৰা শিক্ষা বিভাগৰ গুণোৎসৱ অনুষ্ঠিত কৰাৰ যি লক্ষ্য় আৰু উদ্দেশ্য সেই উদ্দেশ্য সফল হ'বনে নাই তাকলৈ সন্দেহ হোৱাৰ লগতে শিক্ষা বিভাগৰে একাংশ বিষয়া তথা শিক্ষকৰ মাজত দেখা দিছে অসন্তুষ্টিয়ে। বহুতৰ মতেই এইবাৰৰ গুণোৎসৱ অৰ্থহীন।

২০১৭ চনত গুণোৎসৱ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছিল। এই গুণোৎসৱৰ লক্ষ্য আছিল শিক্ষাৰ গুণগত মান নিৰ্ণয় কৰা। শৈক্ষিক ফলাফলসমূহৰ বিশ্লেষণ কৰি শৈক্ষিক দিশত থকা সমস্যাসমূহ  চিহ্নিত কৰি যথোচিত প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিচাৰ বিবেচনা কৰিয়েই ৰাজ্য চৰকাৰ, সৰ্ব শিক্ষা অভিযান, অসম ৰাজ্যিক শিক্ষা গৱেষণা সংস্থা আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ এটি সন্মিলিত প্ৰচেষ্টাত ২০১৭ চনৰ পৰা গুণোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে।

গুণোৎসৱৰ উদ্দেশ্য হৈছে  শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰা। কিন্তু এইবাৰৰ গুণোৎসৱে ইয়াৰ লক্ষ্য, উদ্দেশ্য সফল কৰিবনে নাই তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। হোৱাৰো কাৰণ আছে। এইবাৰ শিক্ষা বিভাগে গুণোৎসৱত কৰিছে পূৰ্বৰ শিক্ষা বিভাগৰ মূল্যায়ংকন।

অৰ্থাৎ বৰ্তমান নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীক অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী হিচাপে গণ্য কৰা হ'ব। গুণোৎসৱৰ বাবে প্ৰস্তুত কৰা প্ৰশ্ন কাকাত হ'ব পূৰ্বৰ পাঠ্যক্ৰমৰ। অৰ্থাৎ বৰ্তমানৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমৰ আৰ্হিত প্ৰস্তুত কৰা প্ৰশ্নৰে বহিব লাগিব গুণোৎসৱত।

প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে গুণোৎসৱে সামৰি লৈছে। এইখিনিতেই এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। এটা শ্ৰেণী অধ্যয়ন কৰি পৰীক্ষাত উত্তীৰ্ণ হৈ ওপৰৰ শ্ৰেণীলৈ যোৱা শিক্ষাৰ্থীয়ে এতিয়া পুনৰ কিয় তলৰ শ্ৰেণীৰ পৰীক্ষাত বহিব লাগে? ইয়াৰ পৰা শিক্ষাৰ্থীৰ কি লাভ হ'ব?

এই ব্যৱস্থাৰ বাবেই এতিয়া জিলাই জিলাই শিক্ষকৰ অৱস্থা পুতৌজনক হৈ পৰাৰ খবৰ আহিছে। শ্ৰেণী কোঠাত পাঠদান কৰিবলৈ এৰি এতিয়া একাংশ শিক্ষকে গাঁৱে গাঁৱে শিক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ শিক্ষাৰ্থীক স্কুললৈ আহিবলৈ অনুৰোধ কৰিবলগীয়া এক পৰিস্থিতিৰ সূচনা হৈছে। কিয়নো গুণোৎসৱত ১০০ শতাংশই উপস্থিতি বাধ্যতামূলক কৰা হৈছে।

পূৰ্বৰ শিক্ষাবৰ্ষৰ আধাৰত মূল্যায়ংকন কৰাৰ লগতে শিক্ষাৰ্থীসকলক এটা শ্ৰেণীৰ তলৰ শিক্ষাৰ্থী হিচাপে ধৰি লোৱাৰ বাবেই এতিয়া আন এক আহুকালৰ সৃষ্টি হৈছে। প্ৰাথমিক বিদ্যালয়ৰ পৰা পঞ্চম শ্ৰেণী উত্তীৰ্ণ হৈ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰ বাবে বহু শিক্ষাৰ্থী মাধ্যমিক বিদ্যালয়লৈ গৈছে। আনহাতে অষ্টম শ্ৰেণীলৈকে থকা মাধ্যমিক বিদ্যালয়ৰ পৰা বহু শিক্ষাৰ্থীয়ে অষ্টম শ্ৰেণী উত্তীৰ্ণ হৈ উচ্চ মাধ্যমিক বিদ্যালয়লৈ গৈছে।

এনে ক্ষেত্ৰত ১০০ শতাংশ শিক্ষাৰ্থীকে পূৰ্বৰ শিক্ষানুষ্ঠানলৈ পুনৰ ঘূৰাই অনাটো প্ৰত্যাহ্বান হিচাপে থিয় দৈছে। যিসকলৰ অভিভাৱক সচেতন বা মেধা শিক্ষাৰ্থী তেওঁলোকে শিক্ষকৰ নিৰ্দেশনা অনুসৰি পূৰ্বৰ শিক্ষানুষ্ঠানলৈ গৈ বাৰু গুণোৎসৱত অংশ ল'ব। সমস্যাৰ সৃষ্টি হৈছে যিসকল অভিভাৱক সচেতন নহয়। যিসকল শিক্ষাৰ্থী তুলনামূলকভাৱে দুৰ্বল।

এই শিক্ষাৰ্থীয়ে পুনৰ এৰি অহা শিক্ষানুষ্ঠানলৈ গৈ আকৌ পৰীক্ষাত বহিবলৈ নাৰাজ। কোনে মতে এটা শ্ৰেণী উত্তীৰ্ণ হৈ আকৌ এটা পৰীক্ষাৰ বুজা ল'ব বিচৰা নাই এই শ্ৰেণীৰ শিক্ষাৰ্থীয়ে। ইফালে আকৌ ইতিমধ্যে নতুন পাঠ্যক্ৰম আৰম্ভ হোৱাত সেই পাঠ্যক্ৰমৰ পাঠ্যপুথি অধ্যয়ন কৰা শিক্ষাৰ্থীয়ে পূৰ্বৰ পাঠ্যক্ৰমৰ বহু বিষয় পাহৰি গৈছে। যাৰ বাবে পুনৰ তলৰ শ্ৰেণীৰ পাঠ্যপুথি পঢ়াবলৈ আৰম্ভ কৰিছে শিক্ষকে।

এনে পৰিৱেশৰ মাজত শিক্ষা বিভাগে অনুষ্ঠিত কৰা গুণোৎসৱে ইয়াৰ লক্ষ্য, উদ্দেশ্যক কিদৰে সফল কৰিব সেইয়া বিভাগটোৰ মন্ত্ৰী তথা উচ্চ পদস্থ বিষয়াসকলেহে জানিব। আনহে নালাগে বিভাগৰে একাংশ বিষয়া আৰু শিক্ষকে এইবাৰৰ গুণোৎসৱক পোনপটিয়াকৈ অৰ্থহীন আখ্যা দিছে। মুকলিকৈ ক'ব নোৱাৰিলেও শিক্ষক সমাজ যে এইবাৰৰ গুণোৎসৱকলৈ একেবাৰে সন্তুষ্ট নহয় সেই কথা কিন্তু আমাৰ আগত প্ৰকাশ কৰিছে। পূৰ্বৰ দৰে শিক্ষানুষ্ঠানত এইবাৰ দেখাও পোৱা নাই গুণোৎসৱক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্রাণোচ্ছল পৰিৱেশ।

গুণোৎসৱ-২০২২ ত শৈক্ষিক বিষয়ৰ ওপৰত ৯০ শতাংশ, সহঃ বিদ্যায়তনিক দিশৰ পৰা ৫ শতাংশ আৰু কমিউনিটি পাৰ্টিচিপেচনৰ পৰা দিয়া হ'ব ৫ শতাংশ। প্ৰতিটো শ্ৰেণীৰ বাবে তৈয়াৰ কৰা হৈছে প্ৰশ্ন কাকত। অ' এম আৰ শ্বিটত হ'ব পৰীক্ষা। সহঃ বিদ্যায়তনিক, কমিউনিটি পাৰ্টিচিপেচন ঠিকেই আছে বাৰু, কিন্তু শৈক্ষিক বিষয়ৰ ওপৰতে আছে ৯০ শতাংশ। পূৰ্বৰ বছৰৰ মূল্যায়ংকন কৰাৰ বাবে এতিয়া এই শৈক্ষিক বিষয়ৰ ওপৰতেই উঠিছে প্ৰশ্ন।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইটাৰত লিখিছে,- গুণগত শিক্ষাৰ জৰিয়তে প্ৰতিগৰাকী শিক্ষাৰ্থীক দেশৰ মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ প্ৰচেষ্টাৰ অংশ ৰূপে ২০১৭ চনৰ পৰা অনুষ্ঠিত কৰি অহা এই শৈক্ষিক কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকল উপকৃত হ'ব।

কিন্তু প্ৰকৃততে গুণোৎসৱ-২০২২ য়ে শিক্ষামন্ত্ৰী গৰাকীয়ে কোৱাৰ দৰে শিক্ষক-শিক্ষয়ত্ৰী আৰু শিক্ষাৰ্থী উপকৃত হ'বনে? এনেও গুণোৎসৱক লৈ পূৰ্বৰে পৰা সৃষ্টি হৈ আহিছে বিভিন্ন বিতৰ্ক। এনে বিতৰ্কৰ মাজতে বুধবাৰৰ পৰা আৰম্ভ হোৱা গুণোৎসৱ-২০২২ য়ে কি পৰিৱৰ্তন কৰে সেইয়া হ'ব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in