অসম

বিজেপিত যোগদান আদিবাসী ছাত্ৰ সন্থাৰ ৬ গৰাকী বিষয়-ববীয়াৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,চৰাইদেউঃ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ছয় গৰাকী বিষয়-ববীয়াই বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে। বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত যোগদান কৰে আটাইকেইজনে।

আদিবাসী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি জিতেন গড়, উপ সভাপতি জয়চিয়া তাৰিয়া , সহকাৰী সম্পাদক হৰেন্দ্ৰ মোথা , ক্ৰীড়া সম্পাদক এমিল সাৰদা , সাংগঠনিক সম্পাদক মাৰ্টিন তপন্ন , প্ৰচাৰ সম্পাদক ৰোহিত গড় আজি সোণাৰি সমষ্টিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ বাসগৃহ উপস্থিত হৈ বিজেপি দলত যোগদান কৰে ৷ সংগঠনটোৰ আটাইকেগৰাকী নেতাকে বিধায়ক গৰাকীয়ে দলীয় পতাকাৰে সম্ভাষণ জনায় বিজেপিলৈ আদৰণি জনায়।