অসম

কোকৰাঝাৰত বিশ্ব আদিবাসী দিৱস পালন আদিবাসী ছাত্ৰসন্থাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত বিশ্ব আদিবাসী দিৱস উপলক্ষে শোভাযাত্ৰা আদিবাসী ছাত্ৰসন্থাৰ। শান্তিনগৰৰ অষ্টমী ঘাটৰ পৰা কোকৰাঝাৰ সদৰ চহৰলৈ উলিওৱা হয় এই শোভাযাত্ৰা। হাতে হাতে বেনাৰ-ফেষ্টুন-প্লেকাৰ্ড লৈ শোভাযাত্ৰা আদিবাসী শতাধিকলোকে।

নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগান দিয়াৰ লগতে কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমন কৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰদান কৰে। অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ দাবী সম্বলিক থাকে স্মাৰকপত্ৰখনিত। তদুপৰি চাহশ্ৰমিকৰ দৈনিক মজুৰি ৫২৫ টকালৈ বৃদ্ধিৰো দাবী কৰে। সমান্তৰালভাবে আদিবাসী জনগোষ্ঠীক মাটিৰ পট্টা প্ৰদানৰ দাবীও জনাই আদিবাসী ছাত্ৰসন্থাই।