অসম

অসম গোর্খা সন্মিলন-ৰংবং শাখা সমিতিৰ উদ্যোগত শৈক্ষিক অভিনন্দন সমাৰোহ

Asomiya Pratidin

ডিজিটেল সংবাদ,নুমলীগড় : অসম গোর্খা সন্মিলন-ৰংবং শাখা সমিতিৰ উদ্যোগত শৈক্ষিক অভিনন্দন সমাৰোহৰ আয়োজন কৰা হয়। দেওবাৰে ৰংবংস্থিত নৰ বাহাদুৰ কটোৱাল গোর্খা সংস্কৃতিক বিকাশ কেন্দ্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ অৰ্ধশতাধিক কৃতি শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয়।

বিশিষ্ট সমাজকৰ্মী কাজিৰাম বিষ্টৰ অধ্যক্ষতাত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰংবং শাখা গোর্খা সন্মিলনৰ সভাপতি চন্দ্ৰ প্ৰসাদ উপাধ্যায়ে। সভাৰ উদ্বোধনী ভাষণ আগবঢ়াই বিশিষ্ট সমাজকৰ্মী-শিক্ষক বিষ্ণুপ্ৰসাদ উপাধ্যায়ে।

অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলা গোর্খা সন্মিলনৰ সভাপতি ৰাজু খনাল, কাৰ্যকৰী সভাপতি মুন প্ৰধান, সম্পাদক কে পি থাপা, অধ্যাপক ড০ সূৰ্য নেৱাৰ, অসম নেপালী সাহিত্য সভা গোলাঘাট জিলা সমিতিৰ সম্পাদক চবিত বিষ্ট, আগছু মৰঙি আঞ্চলিক সমিতিৰ সভাপতি চুজিত ছেত্ৰীকে আদি কৰি বিশিষ্ট ব্যক্তিসকল। উপস্থিত অতিথিবৃন্দই বক্তব্য দাঙি ধৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে।

উক্ত অনুষ্ঠানত কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক জনগোষ্ঠীয় অংগ বস্ত্ৰ, প্ৰশস্তি পত্ৰ তথা গ্ৰন্থৰে উষ্ম অভিনন্দন জনোৱাৰ লগতে উজ্বল ভৱিষ্যতৰ বাবে শুভ কামনা জনায় ।