অসম

গ্ৰন্থমেলাৰ বতৰত গ্ৰন্থপ্ৰেমীলৈ ২০ খন গ্ৰন্থ উপহাৰ অবাক প্ৰকাশনৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ প্ৰখ্যাত "অবাক প্ৰকাশনে" গ্ৰন্থমেল‍াৰ বতৰত গ্ৰন্থপ্ৰেমীলৈ উপহাৰ দিলে কুৰিখনকৈ গ্ৰন্থ । আগন্তুক ৩১ ডিছেম্বৰত কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া এক সভাত উন্মোচন কৰা হ'ব গ্ৰন্থ কেইখন ।

কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তিলক চন্দ্ৰ শৰ্মা, বিশিষ্ট কথাশিল্পী ডা: অঞ্জনজ্যোতি চৌধুৰী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, বিশিষ্ট কবি নীলিম কুমাৰ, প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামী তথা নিয়মীয়া বাৰ্তাৰ কাৰ্যবাহী সম্পাদক অমল দাস আৰু আন বহু কেইজন গণ্য মান্য ব্যক্তিৰ উপস্থিতিত উন্মোচন কৰা হ'ব এই গ্ৰন্থ সমূহ ।

উন্মোচন হ'ব লগীয়া গ্ৰন্থসমূহ

বছৰটোৰ শেষ দিনটোত তথা গ্ৰন্থমেলাৰ বতৰত পঢ়ুৱৈ সমাজৰ বাবে অবাক প্ৰকাশনে আগবঢ়োৱা এই উপহাৰ নিশ্চয়কৈ এক ভাল খবৰ ।

ইয়াৰ ওপৰিও উক্ত দিনটোত গ্ৰন্থপ্ৰেমী ৰাইজে কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত উন্মোচনী সভাখনত উপস্থিত থাকি অবাক প্ৰকাশনৰ এই প্ৰচেষ্টাক আকোৱালি ল'ব বুলিও আশাবাদী প্ৰকাশন গোষ্ঠীটি ।