অসম

সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টদশ বাৰ্ষিক অধিৱেশন, মৰিগাঁৱত অভ্যৰ্থনা সমিতি গঠন...

Asomiya Pratidin

ডিজিটেল সংবাদ, মৰিগাঁওঃ সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টদশ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখনি মৰিগাঁও জিলাত অনুষ্ঠিত কৰা হ'ব। উল্লেখ্য যে ২০২২ চনৰ ৮ ডিচেম্বৰত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাই মৰিগাঁও জিলাত অধিৱেশন অনুষ্ঠিত কৰাৰ কথা সদৰী কৰিছিল।

সেইমৰ্মে ২০২৩ বৰ্ষৰ শেষৰফালে আছুৰ কেন্দ্ৰীয় অধিৱেশন আয়োজনৰ যো-জা আৰম্ভ কৰিছে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই। আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত মৰিগাঁও জিলা আছুৰ কাৰ্যনিৰ্বাহক সভাই অহা ২৬ ফেব্ৰুৱাৰীত অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠনৰ ৰাজহুৱা সভা আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সদৌ মৰিগাঁও জিলা ছাত্র সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধীয়ে এই সন্দৰ্ভত এক বিজ্ঞপ্তিযোগে কয় যে আছুৰ কেন্দ্ৰীয় অধিৱেশন মৰিগাঁৱত অনুষ্ঠিত কৰাটো জিলাবাসী ৰাইজৰ বাবে আনন্দৰ বতৰা। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ সহযোগত মৰিগাঁও সদৰ এলেকাতে অধিৱেশনখনি আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে অহা ২৬ ফেব্ৰুৱাৰীত মৰিগাঁও গান্ধীভৱন প্ৰাংগনত এখনি ৰাজহুৱা সভাৰ আহ্বান কৰা হৈছে। উক্ত সভাত জিলাখনৰ সকলো প্ৰান্তৰ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হৈছে।

সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় সমিতিলৈ যোৱা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত ৰাইজৰ অভিভাৱকত্ব, সমৰ্থন আৰু আন্তৰিক সহযোগিতা বিচাৰে। অভ্যৰ্থনা সমিতি গঠনৰ ৰাজহুৱা সভালৈ জিলাখনৰ প্ৰতিটো অঞ্চলৰ ৰাইজক সাদৰ নিমন্ত্ৰণ জনোৱাৰ লগতে সভাখনত আছুৰ কেন্দ্ৰীয় নেতৃবৰ্গ‌ও উপস্থিত থাকিব বুলিও আছুৰ নেতাগৰাকীয়ে সদৰী কৰে।