অসম

সোণাৰিত 'কা' বাতিলৰ দাবীত আছুৰ ১২ ঘণ্টীয়া অনশন

Asomiya Pratidin

ডিজিটেল সংবাদ,চৰাইদেউ : চৰাইদেউ সোণাৰিত 'কা' বাতিলৰ দাবীত ১২ ঘণ্টীয়া অনশন আছুৰ। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত পুৱা ৬-০০ বজাৰ পৰা আৰম্ভ হৈছে অনশন কাৰ্যসূচী।

সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰিত ৰূপায়ন কৰা অনশনত অংশগ্ৰহণ কৰিছে ছাত্ৰ-কৰ্মীসকলে। নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' ৰ জৰিয়তে চৰকাৰে জাতিধ্বংসী পদক্ষেপ গ্ৰহণ কৰাৰ অভিযোগ ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ।

আনহাতে অগণতান্ত্ৰিক আইন বুলি উল্লেখ কৰি আছুৱে এই আইনখন শীঘ্ৰেই বাতিল নকৰাপৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে।