অসম

চৰকাৰৰ বিশেষ নিৰ্দেশনা : দিছপুৰৰ অনুমতি অবিহনে কৰিব নোৱাৰিব দ্বিতীয় বিবাহ

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা দিছপুৰৰ অনুমতি অবিহনে কৰিব নোৱাৰিব দ্বিতীয় বিবাহ।

কৰ্মচাৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব নীৰজ বাৰ্মাই জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা। কোনোৱে যদি এই নীতি উলংঘা কৰে তেন্তে ভৰিব লাগিব বুজন পৰিমাণৰ জৰিমনা।

ইয়াৰোপৰি বিভাগীয় তদন্তৰ সন্মুখীন হ’ব লাগিব উক্ত কৰ্মচাৰী। আনহাতে প্রয়োজনত বাধ্যতামূলক অৱসৰৰ বিধিও হ’ব প্রযোজ্য হ'ব উল্লেখ কৰে। কোনো কৰ্মচাৰীয়ে পত্নী বা স্বামী থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ।